মাৰ্ঘেৰিটাৰপৰা ৰবীন শৰ্ম্মা, ১৮ নৱেম্বৰ: অসমৰ ওপৰত সৰ্বভাৰতীয় জমিয়েট উলেমা হিন্দুৰ সভাপতি মহম্মদ আৰ্শ্বাদ মাদানীয়ে কৰা মন্তব্যক তীব্ৰ বিৰোধিতা কৰিছে লেখাপানী মুছলিম সমাজৰ মহম্মদ মিছাবাবৰ ভূঞায়ে৷ লগতে এই সন্দৰ্ভত আজি একোখনকৈ প্ৰতিলিপি প্ৰেৰণ কৰিছে আৰক্ষী অধিকাৰী উপায়ুক্তৰ লগতে লেখাপানী আৰক্ষীক৷ তেওঁলোকৰ মতে ডিএচিআৰে যি সভা দিল্লীত আয়োজন কৰিছিল তাৰ ওপৰত উল্লেখ কৰা মহম্মদ আৰ্শ্বাদ মাদানীয়ে অসমৰ ওপৰত যি নিকৃষ্ট মন্তব্য আগবঢ়াইছিল সেয়া লেখাপানী মুছলিম সমাজে তীব্ৰ বিৰোধিতা কৰিছে৷ তেওঁ নৱেম্বৰ মাহৰ ১৩ তাৰিখে দিল্লীৰ সভাত মন্তব্য কৰিছিল যে যদি অসমত এনআৰচি প্ৰকাশ পাই তেন্তে অসম ম্যানমাৰ সদৃশ হ’ব আৰু যদি ৫০ লাখ মানুহৰ নাম বাদ পৰে তেন্তে অসম ৰক্তাক্ত হ’ব৷ এই মন্তব্যৰ দ্বাৰা তেওঁ অসমৰ থকা হিন্দু আৰু মুছলমানৰ মাজত সাম্প্রদায়িকতা সৃষ্টি কৰিব বিচাৰিছে লগতে অসম ৰক্তাক্ত কৰিব বিচাৰিছে৷ তেওঁ ব্লু-প্ৰিণ্ট তৈয়াৰ কৰিছে যে যদি কেনেবাকৈ অসমৰ পৰিস্থিতি অৱনমিত কৰিব পাৰে তেন্তে হিন্দু আৰু মুছলমানৰ মাজত কটাকটি পৰিস্থিতি হ’ব যাৰ ফলত এনআৰচি প্ৰকাশ পোৱাত বিলম্ব হ’ব৷ লগতে মন্তব্য কৰিছিল এনআৰচিত যদি নাম বাদপৰে তেন্তে ” হয় আমি মাৰিম নহ’লে মৰিম ” এই মন্তব্যৰ দ্বাৰা তেওঁ অসমৰ সহজ-সৰল ৰাইজক বিপথে পৰিচালিত কৰিছে৷ কাৰণ দিল্লীত ভাষণ দি ৰং চাবলৈ বিচাৰিছে৷ এইদৰে তেওঁ ভূল তথ্য উপস্থাপন কৰি অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে৷ অসমত বসবাস কৰা বিভিন্ন ধৰ্মৰ মানুহৰ মাজত থকা মিলাপ্ৰীতিৰ এনাজৰীডাল ভাগ ভাগ কৰিব বিচাৰিছে৷ অসমৰ বুৰঞ্জী নজনা মহম্মদ আৰ্শ্বাদ মাদানীয়ে কিহৰ ওপৰত ভিত্তি কৰি এই মন্তব্য ৰাখিছে অসমৰ ওপৰত৷ গতিকে লেখাপানী মুছলিম সমাজে তথা ভাৰত চৰকাৰক অনুৰোধ জনায় যে, ৩৬ ঘণ্টাৰ ভিতৰত মহম্মদ আৰ্শ্বাদ মাদানীক গ্ৰেপ্তাৰ কৰিব লাগে । লগতে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা সকলো বিদেশীক খেদিব লাগে ।