যোৰহাট, ১৮ নৱেম্বৰ: যোৰহাট জিলাৰ পশ্চিম দিশৰ ঐতিহাসিক মালৌপথাৰস্থিত মায়ামৰা বৈষ্ণৱসকলৰ আৰাধ্য গুৰু শ্ৰী শ্ৰী অষ্টভূজদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত বৰভেঁটিয়ে বৰ্তমানে সম্পূৰ্ণ কৰিলে ২৫০ টা বছৰ৷ উল্লেখ্য যে, ১৭৬৮ খ্ৰীষ্টাব্দত অষ্টভূজদেৱৰ আজ্ঞা মানি আঠলাখ নব্বৈ হাজাৰ মায়ামৰা ভক্তই ৰাম নাম উচ্চাৰণ কৰি এচপৰাকৈ মাটি দি বৰভেঁটিৰ প্ৰতিষ্ঠা কৰিছিল৷ বিভিন্ন জাতি-উপজাতিৰ সংমিশ্ৰণত গঢ় লৈ উঠা মায়ামৰা সমাজখনক সংগঠিত কৰি সংহতি প্ৰতিষ্ঠা কৰাই আছিল বৰভেঁটি প্ৰতিষ্ঠা কৰাৰ মূল উদ্দেশ্য৷ একতাৰ দোলেৰে বান্ধ খাই মায়ামৰা সমাজখন প্ৰগতিৰ বাটত আগুৱাই যোৱাত সহায় আগবঢ়োৱা বৰভেঁটিয়ে প্ৰতিষ্ঠাৰ ২৫০ বছৰ সম্পূৰ্ণ কৰাৰ লগত সংগতি ৰাখি ২৪,২৫ আৰু ২৬ নৱেম্বৰত অৰ্থাৎ ৭,৮ আৰু ৯ আঘোণত তিনিদিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে ২৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছে বুলি জানিবলৈ দিয়ে আয়োজক মণ্ডলীয়ে৷ ২৪ আৰু ২৫ নৱেম্বৰত দুদিনীয়াকৈ আয়োজন কৰা প্ৰতিষ্ঠা দিৱস আৰু ২৬ নৱেম্বৰত আয়োজন কৰা ন-লগোৱা উৎসৱত প্ৰায় ১৫ লাখ লোকৰ সমাগমৰ আশা কৰিছে আয়োজকসকলে৷ শনিবাৰে যোৰহাট জিলাৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এক সংবাদমেলত এই সম্পৰ্কে জানিবলৈ দিয়ে৷ সংবাদমেলত ২৫০ সংখ্যক বৰভেঁটি প্ৰতিষ্ঠা দিৱস আৰু ন-লগোৱা উৎসৱ উদযাপন সমিতিৰ সভাপতি পূৰ্ণকান্ত বৰা, কাৰ্যকৰী সভাপতি ড° লক্ষ্মীকান্ত হাজৰিকাকে প্ৰমুখ্য কৰি সমূহ কৰ্মকৰ্তা উপস্থিত থাকে৷