চৰাইদেউ, ১৮ নৱেম্বৰ: চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ শিৱ-মন্দিৰ তিনিআলিত আজি সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই স্বাস্থ্য মন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমুৰ্তি দাহ কৰে৷ অসমৰ স্বাস্থ্য বিভাগত যি অনিয়ম চলি আছে আৰু অতি নিম্ন মানৰ দৰব সেৱন কৰাই সাধাৰণ ৰাইজক মৃত্যু মুখলৈ ঠেলি দিয়াৰ যি চক্ৰান্ত স্বাস্থ্য বিভাগে চলাইছে তাক সোণাৰি আঞ্চলিক ছাত্ৰ সন্থাই কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে স্বাস্থ্য বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে উচিত তদন্তৰ দাবী জনাই৷ প্ৰতিবাদকাৰীয়ে অসম চৰকাৰ হায় হায়, স্বাস্থ্য মন্ত্ৰী হায় হায় ধ্বনিৰে বিভিন্ন শ্ল’গান দি আকাশ বতাহ উত্তাল কৰি তুলে৷