ৰঙিয়া, ২৬ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত এক চাঞ্চ্যল্যকৰ ঘটনা সংঘটিত হৈছে। মহানগৰীৰ পল্টন বজাৰত হোটেলৰ বন্ধ কোঠাত দুই পাঞ্জাৱী যুৱকক নৃশংস আক্ৰমণ কৰি দুৰ্বৃত্তই লুটি নিলে নগদ ৩২ হাজাৰ টকা, ৩০০ কানাডিয়ান ডলাৰ, ডিএছএলআৰ কেমেৰা, মোবাইল ফোনকে ধৰি সকলোবোৰ সামগ্রী। মহানগৰী পল্টন বজাৰত হোটেলৰ কোঠাত দুৰ্বৃত্তই পাঞ্জাৱৰ যুৱক দুজনক মাৰপিত কৰি পিছত লৈ যায় ৰঙিয়ালৈ আৰু সকলোখিনি লুটি যুৱক দুজনক পেলাই থৈ যায় ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত। সম্প্ৰতি দুয়োজন যুৱকক ৰঙিয়াৰ স্থানীয় লোকে ভৰ্তি কৰাইছে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত। ইয়াৰে ৰবি নামৰ যুৱকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। মহানগৰীৰ হোটেলত নিৰ্যাতিত হৈ আহত হোৱা যুৱক দুজন হৈছে পাঞ্জাবৰ জলন্ধৰৰ গুৰপ্ৰিত সিং আৰু ৰবি। যুৱকদ্বয়ে উল্লেখ কৰামতে তেওঁলোক কানাডালৈ যোৱাৰ বাবে নথিপত্ৰ প্ৰস্তুত কৰাৰ কাৰণে গুৱাহাটীলৈ আহিছিল। পল্টন বজাৰৰ কেএফচিৰ সমীপত এখন হোটেলৰ বন্ধ কোঠাত ৬ জনীয়া এটি দলে যুৱকদ্বয়ক আবদ্ধ কৰি আক্ৰমণ কৰে বুলি উল্লেখ কৰিছে ভুক্তভোগী যুৱকদ্বয়ে। কিন্তু লক্ষণীয় কথাটো হল যে যুৱক দুজন কি কাৰণত পঞ্জাবৰ পৰা গুৱাহাটীলৈ আহি কানাডালৈ যোৱাৰ বাবে নথিপত্ৰ তৈয়াৰ কৰিব আহিছিল আৰু কি পৰিস্থিতিত যুৱক দুজন হোটেলৰ কোঠাত আক্ৰমণৰ বালি হল? আৰক্ষীৰ তদন্তৰ পিছতহে হয়টো ফাদিল হব ইয়াৰ প্ৰকৃত ৰহস্য।