ডিগবৈৰ পৰা বিজয় সূত্ৰধাৰ, ২৫ নৱেম্বৰঃ তিনিচুকীয়া জিলাৰ অসম অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী ডায়ুং থানাত আৰক্ষীৰ জিম্মাত অসমৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি বৰডুমচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ অৰুনাচল প্ৰদেশৰ ডায়ুং আৰক্ষী থানাত কিছুদিন পূৰ্বে এখন মটৰ চাইকেল চুৰিৰ সন্দৰ্ভত এক গোচৰ পঞ্জীয়ন হয়৷ এই সন্দৰ্ভত ডায়ুং আৰক্ষীয়ে অসমৰ বৰডুমচা আৰক্ষী থানাৰ অন্তৰ্গত কুজুপথাৰৰ দিগন্ত শইকীয়া নামৰ এজন যুৱকক অভিযুক্ত কৰি অৰুণাচল আৰক্ষীয়ে বৰডুমচা আৰক্ষীৰ লগত যোগাযোগ কৰি দিগন্তক জিম্মাত বিচাৰে৷ বৰডুমচা আৰক্ষীয়ে যোৱা ২১ নৱেম্বৰত দিগন্তক গ্ৰেপ্তাৰ কৰি ডায়ুং আৰক্ষীক গতাই দিয়ে৷ ডায়ুং আৰক্ষীৰ জিম্মাত তিনি দিন থকাৰ পিছত আজি ৰহস্যজনক ভাবে যুৱকজনৰ মৃত্যু ঘটে। এই খবৰ পোৱাৰ লগে লগে অসম অৰুনাচল সীমান্তবৰ্তী অঞ্চল বৰডুমচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অঞ্চলটোৰ কেইবা শতাধিক লোক পথলৈ ওলাই আহি অসম অৰুনাচল সীমান্তৰ চেকগেট অবৰোধ কৰি পথৰ ওপৰত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্থ কৰে৷ প্ৰতিবাদকাৰী সকলে অসম পুলিচ মূৰ্দাবাদ, অৰুনাচল পুলিচ মূৰ্দাবাদ, অৰুনাচল চৰকাৰ হুচিয়াৰ, দিগন্ত হত্যাৰ ন্যায় লাগে শ্লগানৰে পৰিস্থিতি উত্তাল কৰি তোলে৷ স্থানীয় ৰাইজে অভিযোগ কৰে যে যুৱকজন মটৰ চাইকেল চুৰিৰ ঘটনাৰ সতে জড়িত নাছিল। অৰুনাচল প্ৰদেশৰে এজন যুৱকে মটৰ চাইকেলখন চুৰি কৰি আনি সংগোপনে দিগন্তক বিক্ৰী কৰাৰ বাবে দিছিল। কিন্তু মটৰ চাইকেলখন যে চুৰি কৰা অনা হৈছে এই ক্ষেত্ৰত দিগন্ত অবগত নাছিল৷ ইফালে দিগন্তৰ পত্নীয়ে অভিযোগ কৰে যে বৰডুমচা থানাৰ আৰক্ষী বিষয়া গৰাকীয়ে দিগন্তক অৰুনাচল আৰক্ষীক অৰ্পন নকৰা আৰু কোনোধৰনৰ শাৰিৰীক অত্যাচাৰ নচলোৱাৰ প্ৰতিশ্ৰতিত ৬০০ টকাৰ উৎকোচ লৈছিল। প্ৰতিবাদকাৰী সকলে আজি দিগন্ত শইকীয়াৰ পৰিয়ালবৰ্গক ক্ষতিপূৰণৰ দিয়াৰ লগতে বৰডুমচা আৰু ডায়ুং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কেইগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী জনায়৷ প্ৰতিবাদী সকলে এইক্ষেত্ৰত অচিৰেই প্ৰশাসনে ব্যৱস্থা গ্ৰহন নকৰিলে অৰুনাচল প্ৰদেশৰ বিৰুদ্ধে অৰ্থনৈতিক অবৰোধ কৰাৰ হুংকাৰ দিয়ে৷