যোৰহাটৰপৰা যুতিকা মহন্ত, ২৬ নৱেম্বৰ: যোৰহাট জিলাৰ পশ্চিম দিশৰ মালৌপথাৰ স্থিত ঐতিহাসিক ক্ষেত্র বৰভেঁটিৰ ২৫০ সংখ্যক ন লগোৱা উৎসৱত আজি শদিয়াৰ পৰা ধুবুৰীলৈকে পাঁচ লক্ষাধিক ভক্তৰ সমাগমে ঐতিহাসিক বৰভেঁটিক পৰিণত কৰিলে পুণ্যতীৰ্থলৈ। উল্লেখ্য যে, মালৌপথাৰৰ ঐতিহাসিক বৰভেঁটি সমগ্ৰ অসমৰ মায়ামৰা সম্প্ৰদায়ৰ তথা সত্র সমাজৰ বাবে এক পবিত্র স্থান। ভাৰতীয় ইতিহাসত শাসকৰ বিৰুদ্ধে শোষিত প্ৰথমটো গণ অভ্যুত্থান ৰূপে পৰিগণিত মোৱামৰীয়া বিদ্ৰোহৰ এক জীৱন্ত সাক্ষী এই বৰভেঁটি। আহোমৰ ছশ বছৰীয়া ৰাজত্ব কালত ৰজাৰ ধৰ্মই প্ৰজাৰ ধৰ্ম হ’ব লাগে বুলি প্ৰচাৰ কৰা বাণী অমান্য কৰি মোৱামৰীয়া বা মায়ামৰা বৈষ্ণৱবৃন্দ ফালৰি কাটি আহে। ফলত ৰজাৰ অত্যাচাৰত মায়ামৰাৰ বৈষ্ণৱবৃন্দৰ অৱস্থা অতি শোচনীয় হৈ পৰে। তেতিয়াই শদিয়াৰ পৰা ধুবুৰীলৈকে মায়ামৰা বৈষ্ণৱ সকলে একতাৰ বান্ধোনেৰে শক্তি প্ৰৰ্দশন কৰিবলৈ মায়ামৰা সত্রৰ নৱম সত্রাধিকাৰ অষ্টভূজ গুৰু শিষ্য সমন্বিতে ৮ লাখ ৯০ হাজাৰ ভক্তই মালৌপথাৰৰ এদোখৰ দ’ ঠাইত ১৭৬৮ খ্ৰীষ্টাব্দত ৰাম নাম উচ্চাৰণ কৰি এচপৰাকৈ মাটি দি বৰভেঁটি স্থাপন কৰি শক্তিৰ প্ৰমাণ কৰে। এই বৰভেঁটিক ধৰ্ম ভেঁটি হিচাপেও গণ্য কৰা হয়। পৃথিৱীৰ বুৰঞ্জীত এনে ঐক্য-সংহতিৰ প্ৰতীক অতি বিৰল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব। সু-বিশাল মালৌপথাৰৰ বুকুত থকা এই শ্ৰী শ্ৰী অষ্টভূজ দেৱৰ বৰভেঁটিতে মায়ামৰা সকলে পৰম্পৰাগতভাৱে আঘোন মাহৰ দ্বিতীয়টো দেওবাৰে উদযাপন কৰি আহিছে ন-লগোৱা উৎসৱ। সেই পৰম্পৰা ৰক্ষাকৰি আজি বৰভেঁটি উন্নয়ন আৰু সংৰক্ষণ সমিটিয়ে উলহমালহেৰে উদযাপন কৰে নলগোৱা উৎসৱ। ইয়াৰ পূৰ্বে প্ৰথম দিনা অৰ্থাৎ ২৪ নৱেম্বৰত প্ৰথম বাৰৰ বাবে এক বিশাল সাংস্কৃতিক শোভাযাত্রা বাহিৰ কৰা হয়। য’ত বিভিন্ন জাতি-জনগোষ্ঠীৰ ২০ হাজাৰ লোকে অংশ গ্ৰহণ কৰে। তদুপৰি অনুষ্ঠানৰ তিনিদিনীয়া কাৰ্যসূচী আৰম্ভ হোৱাৰ পূৰ্বে প্ৰায় ১৫ লাখ টকাৰে বৰভেঁটিৰ সংৰক্ষণ আৰু উন্নয়ন সমিটিয়ে নিৰ্মাণ কৰি উলিওৱা বাটচ’ৰা উন্মোচন কৰা হয়। নৱৰ্নিমিত বাটচ’ৰা উন্মোচন কৰে যোৰহাট জিলা উপায়ুক্ত বিৰেন্দ্ৰ মিট্টালে। অন্যহাতে দ্বিতীয় দিনা অৰ্থাৎ ২৫ নৱেম্বৰত পুৱা বৃক্ষৰোপনেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ সন্ধ্যা ২৫০ গছি বন্তি প্ৰজ্বলনেৰে ন-লগোৱা উৎসৱৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। তৃতীয় দিনা অৰ্থাৎ আজি পুৱা বন্তি প্ৰজ্বলন আৰু ভাগৱত পাঠেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতে আৰম্ভ হয় বৰভেঁটিৰ ন-লগোৱা উৎসৱ। উল্লেখ্য যে ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অত্যাধিক যান-জঁটৰ সমস্যাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।