বোকাখাত, ২৬ নৱেম্বৰ: কাজিৰঙাৰ অগৰাতলী বনাঞ্চলৰ নলনি বন শিবিৰ এলেকাত উদ্ধাৰ হৈছে বাঘৰ মৃতদেহ। আজি তহলদাৰী বনকৰ্মীয়ে উদ্ধাৰ কৰে মাইকী ঢেকিয়াপতীয়া বাঘৰ মৃতদেহ। বনবিভাগৰ মতে পাৰস্পৰিক যুঁজত আহত বাঘজনী চেপটিচেমিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। মৃত বাঘজনী বনবিভাগৰ চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহটো দাহ কৰাৰ ব্যৱস্থা কৰে।