গুৱাহাটী, ২৮ নৱেম্বৰ: বিউটী এণ্ড ৱেলনেছ ছেক্টৰ স্কিল কাউন্সিলে আজি গুৱাহাটীৰ লিলি হােটেলত এক নিয়োগ মেলাৰ আয়োজন কৰে বিশেষভাৱে সৌন্দৰ্য আৰু ৱেলনেছপেছাদাৰীসকৰ বাবে। প্রশিক্ষণপ্ৰাপ্ত আৰু প্ৰত্যায়িত সৌন্দর্য পেছাদাৰী, হেয়াৰ ষ্টাইলিষ্ট, মেক-আপ আৰ্টিষ্ট যোগ আৰু ফিটনেছ পেছাদাৰী, নেইল টেকনিচিয়ান আৰু স্পা থেৰাপিষ্টসকলে এই নিয়োগ মেলাত অংশগ্রহণ কৰে। এই নিয়োগ মেলা উন্মোচন কৰে উত্তৰ পূৰ্বাঞ্চলৰ বিউটী আৰু ৱেলনেছ উদ্যোগৰ প্ৰতিষ্ঠিত সদস্যসকলে। বিউটী আৰু ৱেলনেছ খণ্ডৰ ১৫ ৰো অধিক প্রখ্যাত নিয়োগকর্তাই এই নিয়োগ মেলাত অংশগ্ৰহণ কৰে। বিউটী আৰু ৱেলনেছ খণ্ডৰ সমান্তৰালভাৱে মিডিয়া আৰু হস্পিটালিটী উদ্যোগৰ নিয়োগকর্তায়ো এই নিয়োগ মেলাত অংশগ্রহণ কৰে। মিডিয়া আৰু হস্পিটালিটী উদ্যোগতো সৌন্দর্য পেছাদাৰীসকলৰ যথেষ্ট চাহিদা আছে আৰু এই নিয়োগ মেলাই তেওঁলোকক সঠিক প্রার্থী নির্বাচন কৰাত সহায় কৰিব। এই সম্পূর্ণ অনুষ্ঠানটােত বিউটী এণ্ড ৱেলনেছ ছেক্টৰ স্কিল কাউন্সিলৰ প্ৰাৰ্থীৰ সমান্তালভাৱে অন্য প্রার্থীয়েও অংশগ্ৰহণ কৰে। দুটাকৈ বেংক- এক্সিছ বেংক আৰু মুথুট মাইক্ৰ’ফাইনেন্সো এই নিয়োগ মেলাৰ এক অংশ আছিল, প্ৰাৰ্থীসকলক উদ্যোগী হ’বলৈ ঋণ আগবঢ়োৱাৰ বাবে। বিউটী আৰু ৱেলনেছ খণ্ডত উদ্যোগীসকলৰ বাবে প্ৰচুৰ সম্ভাৱনা আছে৷ উপলব্ধ সুযোগবোৰৰ বিষয়ে অৱগত হ’লেই হ’ব ই এক সঠিক মঞ্চ৷ নিয়োগকর্তাৰ তালিকাত আছে- ভিএলচিচি, লেকমে, নেইল স্পা, আইঅ’ছিছ এৰ’মা মেজিক, আর্বান ক্লেপ, ষ্ট্ৰেণ্ডছ আদি। এক আন্তর্জাতিক কৰুজ লাইনাৰ ইণ্ডাছ-ষ্টেইনাৰেও এই নিয়োগ মেলাত অংশগ্রহণ কৰে। দক্ষ আৰু প্রশিক্ষণপ্রাপ্ত লোকৰ উল্লেখনীয় সম্ভাৱনাময় অৱদানকাৰী হিচাপে উত্তৰ পূৰ্বাঞ্চল সৌন্দর্য আৰু ৱেলনেছ খণ্ডত যোগান আৰু চাহিদাৰ অন্তৰালত যোগসূত্ৰ হ’ব পাৰে। এই নিয়োজন অভিযান উচিত প্রার্থীয়ে উচিত নিয়োগকর্তা লাভ কৰাৰ ক্ষেত্ৰত বা পৰস্পৰে পৰস্পৰৰ বাবে এক উল্লেখনীয় মঞ্চৰূপে পৰিগণিত হ’ব পাৰে।