গুৱাহাটী, ২৮ নৱেম্বৰ: ২০১৭ চনৰ কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা ১১ ডিচেম্বৰ তাৰিখে মাছখোৱা প্ৰাগজ্যোতি আই টি এ প্ৰেক্ষাগৃহত প্ৰদান কৰা হ’ব৷ এইবাৰৰ এই বঁটা প্ৰদান কৰিব প্ৰাক্তন নিৰ্বাচনী আয়ুক্ত হৰিশংকৰ ব্ৰহ্মই৷ ১৯৭৫ চনৰ অসামৰিক সেৱাৰ বিষয়া আৰু ব্ৰহ্ম দেশৰ নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰা প্ৰথমজন অসমীয়া  আছিল হৰিশংকৰ ব্ৰহ্ম৷ কৃষ্ণকান্ত সন্দিকৈ ৰাজ়্যিক মুক্ত বিশ্ববিদ্যালয়ে আগবঢ়োৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বঁটাত থাকিব পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু এখন স্মাৰক পত্ৰ৷  ২০১৭ বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় ফেল’শ্বিপ পৰ্বতাৰোহী অংচু জামছেনপাল আৰু তৰুণ প্ৰজন্মৰ লেখিকা শৰ্মিষ্ঠা প্ৰীতমক এই বঁটা প্ৰদান কৰা হ’ব৷ এই ফেল’শ্বিপত প্ৰতিগৰাকীলৈ আগবঢ়োৱা হ’ব বছৰি ৬ লাখকৈ টকা৷ দুবছৰৰ বাবে লাভ কৰিব এই ফেল’শ্বিপ৷ একেদৰে কেন্দ্ৰীয় অসামৰিক পৰীক্ষাৰ (মূল)ত অৱতীৰ্ণ হ’ব খোজা পাঁচগৰাকী প্ৰতিযোগীলৈ জলপানি আগবঢ়াব কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে৷ কেন্দ্ৰীয় অসামৰিক সেৱা প্ৰাৰম্ভিক পৰ্যায়ত পৰীক্ষাত  উত্তীৰ্ণ পাঁচগৰাকী মহিলা প্ৰাৰ্থীৰ প্ৰতিগৰাকীকে মূল পৰ্যায়ৰ পৰীক্ষা প্ৰস্তুতিৰ বাবে ১ লাখকৈ টকাৰ জলপানি ঘোষণা কৰিছে৷ এইবাৰৰ জলপাণি লাভ কৰিছে যশোধৰা দাস, বিপাশা কলিতা, সোমা ৰয়, নম্ৰতা বৰুৱা, স্বম্মা পাৰবিনে৷ এ পি জে আব্দুল কালাম ষ্টুডেন্ট ৱেলফেয়াৰ মিছন’ৰ অধীনত প্ৰথমবাৰলৈ বিশ্ববিদ্যালয়খনে প্ৰদান কৰিব এই ফেল’শ্বিপ৷ এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷