কাজিৰঙা, ২ ডিচেম্বৰ: মৃত্যুক আকোঁৱালি ল’লে মাতৃৰ পৰা বিচ্ছিন্ন অসুস্থ বন্যহস্তীৰ পোৱালিটোৱে৷ মানসিক আৰু শাৰীৰিক দুৰ্বলতাৰ বাবে মুমূৰ্ষপ্ৰায় হৈ পৰা বনৰীয়া হাতী পোৱালিটোৱে দুদিন দুৰাতি মৃত্যুৰ স’তে যুঁজি হাৰ মানিলে নিয়তিৰ কাষত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ মিহিমুখত হাতীপোৱালিটোৰ চিকিৎসা-পৰিচৰ্যা চলি থকাৰ মাজতে আজি পুৱা মৃত্যুক সাৱটি লয় পোৱালিটোৱে। প্ৰায় সাত দিন পূৰ্বে উদ্যানৰ বাগৰি বনাঞ্চলৰ কাষৰীয় জনাঞ্চলত উদ্ধাৰ হৈছিল প্ৰায় ১ বছৰীয়া এই মতা বনৰীয়া হাতী পোৱালি৷ নিজ জাকক হেৰুৱাই জনাঞ্চলত প্ৰৱেশ কৰা হাতী পোৱালিটোক বনকৰ্মী-মাউতে বাগৰি বনাঞ্চলিক কাৰ্যালয়লৈ আনি কিছু পৰিচৰ্যা কৰি পুনৰ উদ্যানত এৰি দিয়ে যদিও হাতীপোৱালিটো পুনৰ কাৰ্যালয়ৰ সমীপলৈ উভতি আহে ৷ কাৰ্যালয়ৰ সমীপতে মাউতে বনৰীয়া হাতীপোৱালিটোক আহাৰৰ যোগান ধৰে যদিও মাতৃহাৰা-সংগহীন হাতীপোৱালিটোৱে খোৱা-বোৱাত অনীহা প্ৰকাশ কৰাত দুৰ্বল হৈ পৰে ৷ প্ৰায় ২/৩ দিন অনাহাৰে থকাৰ ফলত শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ পৰা হাতীপোৱালিটোক লৈ চিন্তিত হৈ পৰে চিকিৎসক আৰু মাউত। পোৱালিটোক আন হাতীৰ সংগ দি চিকিৎসা প্ৰদান কৰিবলৈ চিকিৎসকে হাতী পোৱালিটোক ট্ৰেংকুলাইজ কৰি এখন গাড়ীৰ সহায়েৰে বাগৰিৰ পৰা কহঁৰা বনাঞ্চললৈ আনে৷ যিহেতু কহঁৰা বনাঞ্চলত বিভাগীয় কেবাজনীও মাইকী হাতী আছে, সেই হাতীকেইজনীৰ সংগত বন্যহস্তীৰ পোৱালিটোৱে মাতৃৰ মৰম বিছাৰি পাব বুলি আশা কৰা হৈছিল। সেই অনুসৰিয়ে কহঁৰাৰ মিহিমুখত চিকিৎসা-পৰিচৰ্যাৰ মাজত থকাৰ অৱস্থাতে বন্যহস্তীৰ পোৱালিটো মৃত্যু মুখত পৰে৷ পোৱালিটোৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে বনকৰ্মীসকল।