দেৰগাওঁ ২ ডিচেম্বৰঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত। বিজেপি, কংগ্ৰেছৰ লগতে ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অগপৰ নেতা আৰু কৰ্মীসকল পঞ্চায়ত নিৰ্বাচনৰ বাবে টঙালি বান্ধিছে কঁকালত। আজি প্ৰায় পাঁচ সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিতিত অগপৰ জন্ম স্থান গোলাঘাটৰ খুমটাই সমষ্টিৰ টেকিয়ালত ৰাজ্যৰ প্ৰধান আঞ্চলিক দলটোৱে নিজৰ শক্তি প্ৰৰ্দশন কৰে। এসময়ত অগপৰ দূৰ্গস্বৰূপ খুমটাই সমষ্টি বৰ্ত্তমান মিত্ৰ দল বিজেপিৰ দখলত যদিও খুমটাই সমষ্টিৰ পঞ্চায়তসমূহ নিজৰ দখললৈ আনিবলৈ যুজঁ চলাইছে দলটোৰ নেতাসকল। খুমটাইৰ ঢেকিয়ালত দিনৰ ১০ বজাত দলীয় পাতাকা উওোলন কাৰ্যসূচীৰে আৰম্ভ হয় অগপৰ পঞ্চায়ত অভিৱৰ্তন। পাতাকা উওোলন কৰে জিলা অগপৰ সভাপতি পৱন শইকীয়াই, শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে জিলা সম্পাদক আছিকুৰ ৰহমানে। অভিৱৰ্তন কাৰ্যসূচীত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰা, অগপৰ জেষ্ঠ নেতা তথা বঙাইগাওঁ সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰী, টিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক নুৰুল চুলতান। অসম যুৱ পৰিষদৰ সভাপতি সুনীল বৰা, কাৰ্যকৰী সভাপতি জিতু বঢ়াগোহাঁই, সাধাৰণ সম্পাদক পৰেশ গগৈ, অসম মহিলা পৰিষদৰ সভানেত্ৰী বৰদা শইকীয়াৰ লগতে বহু শীৰ্ষ স্থানীয় নেতাই এই সভাখনত অংশগ্ৰহণ কৰে। সভাখনত ভাষণ প্ৰদান কৰি অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই কংগ্ৰেছৰ দখলত থকা প্ৰায়বোৰ পঞ্চায়তত অনিয়ম, দুৰ্নীতি, ৰাজহুৱা ধনৰ অপচয় হোৱাৰ অভিযোগ কৰি কয় যে আগন্তুক দিনত নিকা আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰাৰ স্বাৰ্থত অগপ দলক শক্তিশালী কৰিব লাগিব। কৃষিমন্ত্ৰীয়ে এই ক্ষেত্রত দলৰ তৃণমূল কৰ্মীসকলে দলীয় সাংগাঠনিক ভেটি মজবুত কৰি দলটোক ৰাইজৰ মাজলৈ আগুৱাই নিবলৈ আহ্বান জনায়। পূৰ্বৰ কংগ্ৰেছ চৰকাৰখনক উৎসাত কৰাৰ স্বাৰ্থতে অগপ দলটোৱে বিজেপিৰ লগত যোৱা বিধানসভা নিৰ্বাচনত মিত্ৰতা কৰিছিল। শেহতীয়াকৈ উচ্চতম ন্যায়লয়ে ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ কাম ৩১ ডিচেম্বৰ ভিতৰত কৰিবলৈ দিয়া নিৰ্দেশক অগপই আদৰণি জনাইছে। বৃহৎ নাগালিমত অসমৰ এক ইঞ্চিও মাটি অন্তভুক্ত হবলৈ দিয়া নহব বুলি মন্তব্য কৰি নগা চুক্তি ৰাজহুৱা কৰিবলৈ আহ্বান জনায় কৃষিমন্ত্ৰী গৰাকীয়ে। আজিৰ এই অভিৱৰ্তন সভাত উপস্থিত থাকি অগপৰ জেষ্ঠ বিধায়ক ফণীভূষণ চৌধুৰীয়ে পঞ্চায়ত নিৰ্বাচনত দলে অকলে অৱতীৰ্ণ হোৱা মতপোষণ কৰা বুলি জানিবলৈ দিয়ে। আজিৰ সভাত ৰাইজৰ উপস্থিতি দেখি কব পাৰি যে অগপ দলৰ দুৰ্বল হৈ পৰা ভেটি সমষ্টিখনত পুনৰ শক্তিশালী হবলৈ ধৰিছে। কিন্তু সমষ্টিৰ দলীয় সাংগাঠনিক কামৰ ক্ষেত্ৰত অগপতকৈ কোনো গুণে কম নহয় কংগ্ৰেছ কিম্বা বিজেপি। অৱশ্যে সংখ্যলঘু এলেকাসমূহত বিজেপিৰ অৱস্থা থৰক বৰক। এনে প্ৰেক্ষাপটত খুমটাই সমষ্টিত পঞ্চায়ত নিৰ্বাচনত কোনটো দলে শেষ হাঁহি মাৰিব ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা দিনটোলৈ।