নলবাৰীৰ পৰা কৈলাস ডেকা, ৪ ডিচেম্বৰ: এতিয়া আঘোণৰ বতৰ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত কৃষকক বানে জুৰুলা কৰাৰ সময়তে আঘোণৰ পথাৰৰ সোণোৱালী সোণগুটি দেখি কৃষকৰ হাঁহি বিৰিঙি উঠিছে৷ উল্লেখ্য যে, বানে বিধ্বস্ত কৰি পোলোৱাৰ সময়তে ৰৈ যোৱা কৃষি ভূমিৰ  লখিমীক আদৰৰ বাবে ব্যস্ত কৃষক৷ সেয়েহে এতিয়া ধাননি পথাৰত শুনিবলৈ পোৱা যায় ধান কটাৰ কেছ কেছ শব্দ, মহিলাসকলৰ এতিয়া ব্যস্ত নখোৱাৰ  বাবে ভিন্ন ধৰণৰ আয়োজন৷ ঠাই বিশেষে  ৰবাৰ টেঙা পথাৰত খাই এক সুকীয়া আনন্দও উপভোগ কৰিছে৷ নলবাৰীতো কৃষক আৰু দাৱনীয়ে কটা ধানৰ দাঙৰীয়ে গৃহস্থৰ চোতাল উপচি পৰিছে৷