যোৰহাটৰপৰা যুতিকা মহন্ত, ৪ ডিচেম্বৰ: উত্তৰ পূৰ্বৰ প্ৰথমটো “ইন’ভেচন হাব”ৰ আধাৰশিলা যোৰহাট বিজ্ঞান আৰু তাৰকাগৃহত আজি স্থাপন কৰে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ মন্ত্ৰী কেশৱ মহন্তই৷ ছাত্ৰ-ছাত্ৰীসকলৰ গঠনমূলক চিন্তাধাৰাৰ দ্বাৰা বিভিন্ন বৈজ্ঞানিক সঁজুলি নিৰ্মাণ কৰিব পাৰিব এই ইন’ভেচন হাবত৷ প্ৰায় ১.৫০ কোটি টকাৰে নিৰ্মাণ হ’ব এই ইন’ভেচন হাব৷  আজিৰ এই আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰী কেশৱ মহন্ত উপস্থিত থাকি কয় যে নগা চুক্তি এতিয়াও সম্পূৰ্ণ হোৱা নাই আৰু যদি এই চুক্তিৰ বাবে অসমৰ মাটি নাগালেণ্ডৰ অধিনলৈ যায় তেনেহ’লে অগপই দলীয়ভাৱে ইয়াৰ বিৰোধিতা কৰিম৷ আনহাতে পঞ্চায়ত নিৰ্বাচন অগপই প্ৰতি বছৰেই অকলেই প্ৰতিদ্বন্দিতা কৰি আহিছে বুলি উল্লেখ কৰে লগতে ব্ৰহ্মপুত্ৰৰ পানী ঘোলা হোৱাৰ বিষয়টো লৈ অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰে মিলিত হৈ কেন্দ্ৰ চৰকাৰলৈ পানী পৰীক্ষন কৰিবৰ বাবে লিখিত আবেদন কৰিব বুলিও কয়। আজিৰ অনুষ্ঠানটোত অসম বিধান সভাৰ অধ্যক্ষ হিতেন গোস্বামী, টিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ লগতে যোৰহাট জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টাল আৰু বিজ্ঞানী আৰ চি বৰুৱা উপস্থিত থাকে।