নগৰবেৰা, ২৬ ডিচেম্বৰ: কামৰূপ গ্ৰাম্য জিলাৰ নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী  টুপামাৰীত আজি সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা৷ গছ কটাক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা৷ সংঘটিত মাৰপিটত ৰূপচান আলীৰ দলে আহি কাজিম উদ্দনি লোকৰ ওপৰত উপযোপৰি আক্ৰমন কৰাত এগৰাকী গৰ্ভৱতী মহিলাসহ মুঠ পাঁচজনকৈ লোক আহত হয়। আহত সকলক সম্প্ৰতি স্থানীয় টুপামাৰী স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি প্ৰাথমিক চিকিৎসা আগবঢ়াই থকা বুলি জানিব পৰা গৈছে। আনহাতে মাৰপিটত কাজিমুদ্দিন নামৰ লোকজনৰ অৱস্থা অতি সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ লৈ প্ৰেৰণ কৰে। এই ঘটনাত সম্প্ৰতি সমগ্ৰ টুপামাৰী অঞ্চলত চেপা উত্তেজনা বিৰাজ কৰিছে।