বৰগাং, ২৭ ডিচেম্বৰ: বিশ্বনাথ জিলাৰ বিহালী সমষ্টিত দিনক দিনে বাঢ়িছে বন্যহস্তীৰ সন্ত্ৰাস ৷ প্ৰতিটো ৰাতি বন্য হস্তীৰ তাণ্ডৱ অব্যাহত ইখনৰ পিছত সিখন গাঁও। যেন ঐৰাৱতৰ ৰোষত পৰিছে বিহালীৰ জনসাধাৰণ। দৈনিক বিহালী সংৰক্ষিত বিহালী বনাঞ্চলৰ পৰা ওলাই আহি ২০/১৫ জনীয়া হাতীৰ দলে এন্ধাৰ নামি অহাৰ লগে-লগে প্ৰৱেশ কৰে জনাঞ্চলত। গঞাঁ ৰাইজে বন্যহস্তীৰ দলক খেদি পঠাবলৈ নিৰবিচ্ছিন্ন প্ৰচেষ্টা গ্ৰহণ কৰাৰ সমান্তৰালভাৱে বনকৰ্মীয়ে সাধ্যনুসৰি প্ৰচেষ্টা কৌশল গ্ৰহণ কৰি আহিছে যদিও জনতাই পৰিত্ৰান পোৱা নাই ঐৰাৱতৰ কোপ দৃষ্টিৰ পৰা৷ যিমানে ৰাইজে নিজকে বচাবলৈ চেষ্টা কৰিছে সিমানেই ৰুদ্ৰমূৰ্তি ধাৰণ কৰিছে বন্য হস্তীয়ে৷ প্ৰাপ্ত খবৰমতে, যোৱা নিশা বিহালীৰ জিনজিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিপুখুৰী অঞ্চল ১৫ টা পৰিয়ালৰ বাসগৃহ ভাঙিছিঙি লণ্ড ভণ্ড কৰে৷ লগতে বিহালী আৰক্ষী থানাৰ অন্তৰ্গত সাধুবস্তী অঞ্চলৰ তিনি পৰিয়ালৰ বাসগৃহ আক্ৰমণ কৰাৰ লগতে খাদ্য-শস্য তহিলং কৰে। লক্ষনীয় বিষয়টো হ’ল, বিগত এটা পষেক ধৰি বিহালীৰ বন্য হস্তীয়ে সংহাৰী ৰূপ ধাৰণ কৰি কেইবাটাও পৰিয়ালৰ সপোনৰ ঘৰ ভাঙিছে ৷