মাজুলী, ২৮ অক্টোবৰ: মাজুলী জিলাৰ অন্তৰ্গত উজনি মাজুলীৰ শ্ৰীৰাম গাঁও পঞ্চায়তৰ শ্ৰীৰাম চাপৰিত আজি বিয়লি মাজুলীৰ স্থানীয় বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অসমৰ দ্বিতীয়খন আয়ুবেদিক চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰে। ১০.৫ কোটি টকাৰ ব্যয় সাপেক্ষে প্ৰায় ৪০ বিঘা মাটিত নিৰ্মাণ হ’ব লগা এই চিকিৎসালয়খনে মাজুলীৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ অৱসান ঘটাই মাজুলীত এক নতুন দিগন্তৰ সুচনা কৰিব। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত স্বাস্থ্য বিভাগৰ সচিব সমীৰ কুমাৰ সিনহা, আয়ুসৰ সঞ্চালক বৰ্ণালী ডেকা, লক্ষিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, টংখাঙৰ বিধায়ক বিমল বৰাকে ধৰি মাজুলীৰ কেওখন সত্ৰৰ সত্ৰাধিকাৰ উপস্থিত থাকে।