লংকা, ২৮ ডিচেম্বৰ: লংকাৰ ২ নং ৰে’ল গেটৰ সমীপত আজি পুৱা এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা মৃতদেহটো লংকাৰ ৰাণী পুখুৰীৰ জীৱন দাস(৪৫)ৰ বুলি চিনাক্ত কৰা হৈছে। নিশা কোনো চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু হোৱাৰ আশংকা কৰিছে লংকা ৰে’ল আৰক্ষীয়ে।