শিৱসাগৰ, ২৯ ডিচেম্বৰ: শিৱসাগৰ জিলাখনত আবকাৰী বিভাগে অবৈধ সুৰাৰ ঘাটিসমূহ উচ্ছেদ কৰিলেও এটা অতি চতুৰ তথা দুষ্ট চক্ৰই কৌশলপূৰ্ণ ভাবে অবৈধ মদ ব্যৱসায় চলাই বিভাগতোক মুৰৰ কামোৰণি সৃষ্টি কৰিছে। তেনে কাৰ্যৰ বাবেই আজি বিভাগতোৰ পৰিদৰ্শক আশুতোষ বৰুৱাৰ নেতৃত্বত পুণৰ ৰুদ্ৰসাগৰ ন পুখুৰী, ভটীয়াপাৰ, বিক্ৰমপুৰ চাৰিআলি, ল’ৰাপুতা, চেনিমৰা আদি অঞ্চলত অভিযান চলাই ৩ জনক গ্ৰেপ্তাৰ কৰি ৪ টা গোছৰ ৰুজু কৰি ডি পি এল ৭৭ লিটাৰ, ১.৭০০লিটাৰ আই এম এফ এল জব্দ কৰিবলৈ সক্ষম হয় বুলি আবকাৰী বিভাগৰ তৰফে জানিবলৈ দিছে।