কলগাছিয়া, ৩০ ডিচেম্বৰ: বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত চাকলাত আজি বৰপেটা লোকসভা যুৱ কংগ্ৰেছৰ জিলা ভিত্তিত অভিৱৰ্তন অনুষ্ঠিত হৈ যায়। বৰপেটা যুৱ কংগ্ৰেছৰ সভাপতি যুৱ আজাদ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত কংগ্ৰেছৰ কেবাজনো প্ৰাক্তন মন্ত্ৰী, বিধায়ক, যুৱ কংগ্ৰেছৰ নেতা উপস্থিত থাকে। সভাত মুখ্য অতিথিৰ আসনত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে উপস্থিত থাকি এ আই ইউ ডি এফ আৰু বি জে পি চৰকাৰৰ বিৰুদ্ধে কঠোৰ সমালোচনা কৰি সমাগত পন্চায়ত, লোকসভা আৰু অসম বিধান সভাৰ নিৰ্বাচনত কংগ্ৰেছ দলক সমৰ্থন কৰাৰ বাবে আহ্বান জনায়।