বৰহাট, ৩০ ডিচেম্বৰ: চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত নগা গ্ৰাণ্টৰ নিবাসী চালিক ওৰাঙৰ বাসগৃহত আজি নিশা অগ্নি কাণ্ডত সম্পূৰ্ণ ৰূপে নিঃশেষ হয়। ঘটনা বিৱৰণী মতে, নিশা ১১ বজাত চালিকৰ গৃহত জুই জ্বলি বাসগৃহৰ সকলো সামগ্ৰীৰ লগতে নগদ ৪৮৮০০ হাজাৰ টকা, চাহ গছ, তামোল আদি জুইত ভষ্মীভূত হয়।