কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৪ জানুৱাৰীঃ শাৰীৰিক বাধাগ্ৰস্ততা কেতিয়াও হেঙাৰ হব নোৱাৰে ইয়াৰ বহুতো উদাহৰ আছে। শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি সফলতাৰ জখলাত উপনীত হোৱা বহু ব্যক্তি এইখন পৃথিৱীত আছে। ঠিক এনে এক উদাহৰণ দেখিবলৈ পোৱা গৈছে বৰপেটা জিলাৰ কলগাছিয়াত। শুকুৰ আলী আৰু অৰিফুল ইছলাম বৰপেটা জিলাৰ কলগাছিয়াৰ এক ভিতৰুৱা অঞ্চলত বাসবাস কৰা দুই ভাই ককায়েক শাৰীৰিকভাবে অন্যান্য কিশোৰ সকলৰ দৰে নহয় যদিও এই দুই ভাই ককায়েকৰ সপোন কিন্তু নিজকে এক বিশেষ স্থানত স্থাপিত কৰা। জন্মৰ পিছতে পলিও ৰোগত আক্রান্ত হোৱা আব্দুল হামিদৰ দুই পুত্ৰৰ সপোন ভৱিষ্যতে মানৱ সেৱাৰ লগত জড়িত হোৱা। অতি মেধাবী এই কিশোৰ দুজনৰ ভৱিষ্যতে চিকিৎসক হৈ মানৱ জাতিৰ সেৱা কৰাৰ মন। নিজৰ শাৰীৰিক বাধাগ্ৰস্ততাক নেওচি কিশোৰ দুজন অব্যহত ৰাখিছে নিজৰ শিক্ষা। শাৰীৰিক অসুবিধাৰ বাবে বিদ্যালয়লৈ কেতিয়াবা যাব নোৱাৰিলে বিদ্যালয়ৰ শিক্ষকে ঘৰতে আহি পাঠদান কৰে কিশোৰ দুজনক। কিশোৰ দুজনৰ আত্মবিশ্বাস দেখি বিদ্যালয়ৰ প্ৰতিজন শিক্ষক প্ৰভাৱিত হৈছে আৰু বিদ্যালয়লৈ যাব নোৱাৰা অৱস্থাত শিক্ষকসকলে নিয়মীয়াকৈ পাঠদান কৰি আহিছে কিশোৰ দুজনক। কিশোৰ দুজনৰ আত্মবিশ্বাসে যদিও কিশোৰ দুজনে অধ্যয়ন কৰা বিদ্যালয়খনৰ শিক্ষকসকল তথা স্থানীয় বাসিন্দাক প্ৰভাৱিত কৰিছে কিন্তু এই ক্ষেত্ৰত চৰকাৰ কোনো ধৰণৰ অচিনিৰ পৰা সহায় নোপোৱাত সকলো আচৰিত হৈ পৰিছে। স্থানীয় লোকৰ দাবী যদি চৰকাৰে গুৰুত্ব প্ৰদান কৰে তেন্তে ভৱিষ্যতে এই কিশোৰ দুজনে শাৰীৰিক বাধাক নেওচি একো একোজনকৈ সফল চিকিৎসক হব পাৰিব।