কোকৰাঝাৰ, সংবাদ ৩৬৫, ৫ ফেব্ৰুৱাৰীঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও অন্তৰ্গত মুৱামাৰি গাওঁৰ পৰা আহিছে এক অদ্ভূত খবৰ। এগৰাকী ১৬ বছৰীয়া যুৱতীক বিবাহ দিবৰ বাবে নিটাৰীয়ে তৈয়াৰ কৰা শপত নামত লিখিলে যুৱতী গৰাকী বিবাহ ঠিক হোৱা যুৱকজনৰ গভীৰ প্ৰেমত পৰিছে। দুয়ো পক্ষই গোসাঁইগাঁও ন্যায়ালয়ৰ লোহিত কুমাৰ নাৰ্জাৰীৰ নটাৰী ওচৰত শপতনামাটো চহী কৰে। প্ৰথপ পক্ষৰ যুৱতী মিছ আৰ্জিমা য়াছমিনৰ জন্মৰ তাৰিখ ১৬-০৯-২০০১ বুলি শপতনামাটোত উল্লেখ থকা অনুসৰি যুৱতী গৰাকী বৰ্তমাব নাবালিকা হৈ আছে কিন্তু যুৱতী গৰাকী দ্বিতীয় পক্ষৰ আব্দুল হান্নান শেখ নামৰ যুৱক জনৰ গভীৰ প্ৰেমত পৰিছে বুলি শপত নামাখনত উল্লেখ কৰা হৈছে। যুৱতী গৰাকী বৰ্তমান নাবালিকা হৈ আছে গতিকে এনে অৱস্থাত যুৱতী গৰাকীৰ বিবাহ সম্ভৱ নহয় গতিকে যুৱতী গৰাকীৰ বিবাহ যুৱতী গৰাকী বালিক হোৱাৰ পিছত সামাজিক ভাৱে সম্পন্ন কৰা হব। আটাইতকৈ আচৰিত হব লগা বিষয়টো হল দুয়ো পক্ষৰ অভিভাৱকে যুৱতী গৰাকী বিবাহ নোহোৱালৈ যুৱক জনৰ ঘৰত থাকিব বুলি সন্মতি প্ৰদান কৰা বিষয়টো। মুছলিম বিবাহ আইন মতে দুয়োৰে বিবাহৰ বাবে ১,৫১,০০০ দান মহৰ হিচাপে শপতনামা খনত উল্লেখ কৰা হৈছে। যি সময়ত বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সন্থাই বাল্য বিবাহ ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে সেই সময়তে কিছুমান দুষ্টচক্ৰই বিভিন্ন পন্থা অৱলম্বন কৰি বাল্য বিবাহ চলাই আছে আৰু কিছুমান টকাৰ বিনিময়ত আইন ব্যৱস্থাৰ লগত জড়িত ব্যক্তিও ইয়াৰ লগত জড়িত হৈ পৰিছে।