ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১০ মাৰ্চ: শনিবাৰে তিনিচুকীয়া জিলাৰ ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকনে কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্দশ বিত্তীয় ২০১৬-১৭ বৰ্ষৰ পুঁজিৰে সমষ্টি অন্তৰ্গত এঘাৰটা পঞ্চায়তত কুৰীতকৈও অধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। শুক্ৰবাৰে হাপজান উন্নয়ণ খণ্ডৰ বৰহাপজান, হাপজান, চামডাং, হাঁহচৰা, বাৰেকুৰীৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ পিছত শনিবাৰে মাৰ্ঘেৰিটা উন্নয়ণ খণ্ডৰ পাৱৈ পঞ্চায়তৰ পাৱৈ বনগাঁও আৰু পাৱৈ লেবাৰ ক্লাৱ কম্পিওটাৰ ট্ৰেইনিং চেন্টাৰৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰিও গোলাই পঞ্চায়তৰ মাহাতোপাৰা দলং, ষ্টেচন ধুবীবস্তিৰ এটি পেভাৰ ব্লক পথ, বৰবিল পঞ্চায়তৰ এ অ ডি ব্লক গাঁও পেভাৰ ব্লক পথ, বৰজানৰ বিশুদ্ধ খোৱাপানীৰ প্ৰকল্প, বগাপানী পঞ্চায়তৰ ৩৩ নং লাইন পেভাৰ ব্লক পথ, টকৌৱনী পেভাৰ ব্লক পথ আৰু ১৭.৪০ লাখ ব্যয়েৰে নিৰ্মাণ হবলগীয়া টিংৰাই মাকুমআলিৰ পৰা পঞ্চায়ত কাৰ্যালয়লৈ যোৱা পথটিৰ আধাৰশিলা স্থাপন কৰে ৷ চতুৰ্দশ বিত্তীয় বৰ্ষৰ প্ৰথম কিস্তীৰ মুঠ ৩ কোটি ৬৫ লাখ টকাৰ পুঁজিৰে ২৬ টা প্ৰকল্প সম্পুৰ্ণ হব৷ বিধায়ক ফুকনৰ সৈতে প্ৰতিটো কাৰ্যসুচীতে তিনিচুকীয়া জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া লক্ষীনন্দন গগৈ, হাপজান আৰু মাৰ্ঘেৰিটা উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া, পঞ্চায়তৰ সচিবসকল আৰু পঞ্চায়ত প্ৰতিনিধি সকল উপস্থিত থাকে ৷