যোৰহাট, সংবাদ ৩৬৫, ১০ মাৰ্চ: বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ প্ৰতি থকা প্ৰেমৰ বাবে মৰুভূমিক অভয়াৰণ্যলৈ ৰূপান্তৰিত কৰি সমগ্ৰ বিশ্বতে অৰণ্য মানৱ হিচাপে খ্যাতি লাভ কৰা অসম সন্তান যাদৱ পায়েংৰ নামত ভুৱা ৱেবছাইট খুলি ধন লুটৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। তেলেংগানাৰ হাইদ্ৰাবাদৰ পৰা অসমত পিএছডি কৰিবলৈ অহা অনিল পাদ্দে নামৰ এজন যুৱকে ২০১৫ চনৰ পৰা যাদৱ পায়েংৰ নামত এটা ৱেবছাইট খুলি নিজকে যাদৱ পায়েংৰ সম্পৰ্কীয় অনিল পায়েং বুলি চিনাকি দি পৰ্যটকৰ পৰা লুটি আহিছিল ধন। কিছুদিন পূৰ্বে চিন দেশৰ পৰা অহা এটা পৰ্যটকৰ দলৰ পৰা যুৱক জনে কেইবা লাখ টকা লুটিছিল। যাদৱ পায়েং এক বিশেষ কাৰ্যসূচীত চিন দেশৰ ভ্ৰমণলৈ যাওঁতে তেওঁৰ নামত ভুৱা ৱেবছাইট খুলি কোনোবাই ধন লুটি থকাৰ বিষয়ে অৱগত হয়। যাদৱ পায়েংৰ কন্যাই এই ধন লুটৰ সমগ্ৰ বিষয়টো যোৰহাট আৰক্ষীক অৱগত কৰাত যোৰহাট আৰক্ষীয়ে অনিল পাদ্দেক আটক কৰে।