যোৰহাট, সংবাদ ৩৬৫, ১৫ মাৰ্চ: যোৰহাট জিলাৰ এক ভিডিও ছোচিল মেডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে ৰাজ্যত মৰেল পুলিচৰ নগ্নস্বৰূপ পুনৰ উদঙাই দিছে। ভিডিও ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে ইয়াৰ লগত জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। যোৰহাট জিলাৰ নিমাতীঘাটত যোৰহাটৰ এখন মহাবিদ্যালয়ৰ দুগৰাকী ছাত্ৰ ছাত্ৰীৰ ওপৰত কিছুদিনপূৰ্বে নিৰ্যাতন চলাই কেইজনমান দুৰ্বৃত্তই নিৰ্যাতনৰ ভিডিও ছোচিল মিডিয়াত আপলোড কৰিছিল। মৰেল পুলিচৰূপী দুৰ্বৃত্ত কেইটাই ছাত্ৰ ছাত্ৰী গৰাকীক শাৰীৰিক ভাবে আক্ৰমণ কৰাৰ লগতে ছাত্ৰী গৰাকীক চুলিত ধৰি আজুৰি অশালীন আচৰণ কৰি থকা ভিডিও মোবাইল ফোনেৰে ৰেকৰ্ডিং কৰি ছোচিল মিডিয়াত আপলোড কৰাৰ অপৰাধত যোৰহাটৰ নিমাতী আৰক্ষীয়ে মাজুলী জিলাৰ শালমৰাৰ খগেন বৰা আৰু যোৰহাটৰ ২নং চাৰিগাঁৱৰ অপু বৰা নামৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰে খগেন বৰা গাড়ী চালক আৰু অপু বৰাই নিমাতীত ঠিকাদাৰৰ অধীনত পাৰ্কোপাইনৰ কাম কৰে। আৰক্ষীয়ে মৰেল পুলিকৰূপী যুৱক দুজনক ছাত্ৰ ছাত্ৰী দুগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱা আৰু নিৰ্যাতনৰ ভিডিও ৰেকৰ্ডিং কৰি ছোচিল মিডিয়াত আপলোড কৰাৰ অপৰাধত ভাৰতীয় দণ্ড বিধি আইনৰ ৩৪২/৩২৩/৩৫৪(বি)/৩৫৪(চি)/৩৮৪/৩৪ ধাৰাত গ্ৰেপ্তাৰ কৰিছে।