মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২৪ এপ্ৰিলঃ মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত প্ৰধানমন্ত্ৰী গ্ৰাম স্বৰাজ, পোষণ অভিযানৰ ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস মঙলবাৰে বৰ্ণাঢ্য কাৰ্যসুচীৰে অনুষ্ঠিত কৰা হয়। ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৭ নং ৰাণী গাওঁ পঞ্চায়তৰ সহযোগত ৰাণী বজাৰগৃহত অনুষ্ঠিত হোৱা এই দিৱসৰ কাৰ্যসুচীৰ সভাপতিত্ব কৰে ৩৭ নং গাওঁ পঞ্চায়তৰ সভাপতি দুৰ্গেশ্বৰ দাসে। কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্ত কমল বৈশ্য, মুখ্য কাৰ্যবাহী বিষয়া জুৰী দলে, জিলা গ্ৰামীণ বিকাশ অভিকৰণৰ সহকাৰী প্ৰকল্প বিষয়া বলেন্দ্ৰ কলিতা, কামৰূপ জিলাৰ উন্নয়ন আয়ুক্ত ইচথাৰ কাথাৰ, ৰাভা হাছং স্বায়িত্ত শাষিত পৰিষদৰ সদস্যা জয়ন্তী ৰাভাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে এই কাৰ্যসূচীত। ভাষণ প্ৰসংগত কামৰূপ জিলাৰ উপায়ুক্ত কলম বৈশ্যই কয় যে দেশৰ উন্নতিৰ বাবে প্ৰথমে গাঁৱৰ উন্নতি হব লাগিব, গাঁৱৰ উন্নয়ন হলেহে অসমৰ উন্নয়ন সম্ভৱ হ’ব। গ্ৰামাঞ্চলৰ সৰ্বাংগীন উন্নতি, বিকাশ আৰু গুৰুত্বৰ বাবে সকলোকে ঐক্যবদ্ধ হৈ কাম কৰি যাৱৰ বাবে উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত আহ্বান জনায়। ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় পাচশতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে পঞ্চায়তীৰাজ দিৱসত। উপায়ুক্ত গৰাকীৰ লগতে উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে পঞ্চায়ত সম্পৰ্কীয় তথা গ্ৰামাঞ্চলৰ ৰাইজৰ বাবে বিভিন্ন আচনী, সুবিধা, চৰকাৰী অনুদান, অধিকাৰকে ধৰি গুৰুত্বৰ বিষয়ে উপস্থিত ৰাইজক উদ্দেশ্যি ভাষন প্ৰদান কৰে। দিৱৰ লগত সংগতি ৰাখি “গ্ৰাম স্বৰাজ অভিযান” ৰ অংশস্বৰূপে জিলা গ্ৰামীণ বিকাশ অভিকৰন কামৰূপ আৰু মহিলা সমাজ কল্যানৰ সৌজ্যনত এখনি বাটৰ নাটো প্ৰদৰ্শন কৰা হয়।