কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২৪ এপ্ৰিলঃ বৰপেটা জিলাৰ কলগাছিয়াৰ সৰভোগ গ্ৰাম্য পথ উপ সংমণ্ডলৰ অন্তৰ্গত কলগাছিয়া খাৰবাল্লী পথৰ ওপৰত এখন কাঠৰ দলং নিৰ্মাণক কেন্দ্ৰ কৰি মঙলবাৰে এক উত্তেজনাৰ সৃষ্টি হয়। পুৰনা কাঠেৰে দলং নিৰ্মাণ কৰাত স্থানীয় ৰাইজ ক্ষুদ্ধ হৈ পৰে। ২০১৭-১৮ বৰ্ষৰ এছডিআৰএফ আঁচনিৰ অধীনত ৫৫ লাখ টকা ব্যায় সাপেক্ষে কলগাছিয়া খাৰবাল্লী পথত এখন কাঠৰ দলং আৰু সংলগ্ন ৰাস্তা মেৰামতিৰ বাবে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ উপস্থিতিত জনিয়াৰ বিধায়ক আব্দুল খালেকে আধাৰ শিলা স্থাপন কৰিছিল যদিও ঠিকাদাৰে নিয়ম বহিৰ্ভূত ভাবে পুৰণা পঁচা কাঠ ব্যৱহাৰ কৰি দলং নিৰ্মাণ কৰি থকাত স্থানীয় ৰাইজে ক্ষুব্ধ হৈ পৰে। আনহাতে ৰাইজৰ যাতায়াতৰ বাবে চৰকাৰে ধাৰ্য্য কৰা অতিৰিক্ত লক্ষাধিক টকাৰে বিকল্প ফুট ব্ৰিজ নিৰ্মাণ নকৰাত অঞ্চলবাসী এজন ব্যক্তিৰ খেতি পথাৰৰ ওপৰেদি যাতায়ত অব্যাহত ৰাখিছিল যদিও খেতি পথাৰৰ গৰাকীয়ে বিকল্প ৰাস্তাটোত বাঁহৰ বেৰ দি বন্ধ কৰি দিয়াত অঞ্চলবাসীৰ যাতায়ত ব্যহত হৈ পৰাত এক উত্তেজনাৰ সৃষ্টি হয়। ৰাইজে অতি শীঘ্ৰে ফুট ব্ৰিজ নিৰ্মাণ কৰাৰ লগতে নতুন কাঠেৰে দলং নিৰ্মাণ কৰিবলৈ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।