গুৱাহাটী, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ মহানগৰী গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বুধবাৰে দুপৰীয়া অহা ধুমুহাই তাণ্ডৱ সৃষ্টি কৰে। দুপৰীয়াৰ ভাগত আহ ধুমুহাৰ ফলত সমগ্ৰ গুৱাহাটী মহানগৰীৰ ধূলিৰে আৱৰি পৰে। গুৱাহাটীৰ সমীৱৰ্তী দক্ষিণ কামৰূপৰ আজাৰ, মিৰ্জা, বিজয় নগৰত ধুমুহাই তাণ্ডৱ চলাই যদিও এই অঞ্চল সমূহত কোনোধৰণৰ ক্ষয় ক্ষতি হোৱা পৰিলক্ষিত নহয়। ওদালগুৰি জিলাত বুধবৰীয়া বজাৰ চলি থকা সময়তে তীব্ৰবেগত অহা ধুমুহাত চহৰৰ মাজ মজিয়াত থকা প্ৰকাণ্ড গছ এডাল বাগৰি পৰাত লোক আতংকিত হৈ পৰে। দৰং জিলাটো বিভিন্ন ঠাইত ধুমুহাই তাণ্ডৱ চলাই বুলি জানিব পৰা গৈছে। জিলাখনত ধুমুহাৰ ফলত বিভিন্ন ঠাইত গছ বাগৰি পৰাৰ লগতে বৈদ্যুতিক খুটাও ভাঙি পৰে। ৰঙিয়াৰ মাজেৰে পাৰ হৈ যোৱা বুধবাৰৰ ধুমুহাই তুলসীবাৰী আৰু উদিয়ানাত বিস্তৰ ক্ষতিসাধন কৰে। তুলসীবাৰী আৰু উদিয়ানাত ধুমুহাৰ ফলত গছ গছনি ভাঙি পৰাৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ ধুমুহাই উৰুৱাই নিয়ে।