গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিলঃ ৰাজভৱনৰ দৰবাৰ হলত বৃহস্পতিবাৰে পুৱা ১০ বজাত ৰাজ্যপাল জগদীশ মুখীয়ে ৭ গৰাকী নতুন মন্ত্ৰীক শপত বাক্য পাঠ কৰাই সম্প্ৰসাৰণ ঘটায় সোনোৱাল মন্ত্ৰীসভাৰ। ৰাজ্যপালে শপত গ্ৰহণ কৰোৱা ৭ গৰাকী নতুন মন্ত্ৰীৰ ভিতৰত চাৰি জনে কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰাৰ বিপৰীতে তিনিজনে লাভ কৰে ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব। সোণোৱাল মন্ত্ৰীসভাত স্থান লাভ কৰা ৭ গৰাকী বিধায়কৰ ভিতৰত পাঁচজন বিজেপিৰ, এজন বিপিএফ আৰু এজন অগপৰ বিধায়ক। সোনোৱাল মন্ত্ৰীসভাত স্থান লাভ কৰা বিজেপিৰ বিধায়ক সকল হল পূব গুৱাহাটী বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, জাগীৰোডৰ বিধায়ক পীযুষ হাজৰিকা, ৰঙিয়াৰ বিধায়ক ভাবেশ কলিতা, সোণাৰিৰ বিধায়ক তপন কুমাৰ গগৈ আৰু ডিফুৰ বিধায়ক ছুম ৰংহাং। আনহাতে চিডলী সমষ্টিৰ বিপিএফ দলৰ বিধায়ক চন্দন ব্ৰহ্ম আৰু অগপৰ বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়েও মন্ত্ৰিসভাত স্থান লাভ কৰে। এই ৭ গৰাকী নতুন মন্ত্ৰীৰ ভিতৰত পূব গুৱাহাটীৰ বিজেপি দলৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, ডিফুৰ বিজেপি দলৰ বিধায়ক ছুম ৰংহাং, চিডলীৰ বিপিএফ দলৰ বিধায়ক চন্দন ব্ৰহ্ম আৰু বঙাইগাঁৱৰ অগপ দলৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰাৰ বিপৰীতে জাগীৰোডৰ বিজেপি দলৰ বিধায়ক পীযুষ হাজৰিকা, ৰঙিয়াৰ বিজেপি দলৰ বিধায়ক ভাবেশ কলিতা আৰু সোণাৰিৰ বিজেপি দলৰ বিধায়ক তপন কুমাৰ গগৈ লাভ কৰে ৰাজ্যিক মন্ত্ৰীৰ পদ।