গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিলঃ ৰাজভৱনৰ দৰবাৰ হলত বৃহস্পতিবাৰে ৰাজ্যপাল জগদীশ মুখীয়ে ৭ গৰাকী নতুন মন্ত্ৰীক শপত বাক্য পাঠ কৰাই সোনোৱাল মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱাৰ পিছতে বিজেপি দলত বিদ্ৰোহ দেখিবলৈ পোৱা যায়। সোনোৱাল মন্ত্ৰীসভাত স্থান নাপাই ডিব্ৰুগড়ৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে বিজেপিৰ গুৰুত্বপূৰ্ণ পদ সমূহৰ পৰা পদত্যাগ কৰে। ডিব্ৰুগড়ৰ বিধায়ক গৰাকীয়ে নীতি নিৰ্ধাৰণ ৰাজ্যিক সমিতিৰ অধ্যক্ষ পদৰ লগতে অসম মেডিকেল কলেজ হাস্পাতালৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদ, পঞ্চায়ত নিৰ্বাচনৰ পৰিচালনা সমিতিৰ পৰা পদত্যাগ কৰে। বিধায়ক প্ৰশান্ত ফুলনে একান্ত ব্যক্তিগত কাৰণত পদত্যাগ কৰা বুলি উল্লেখ কৰি ৰাজ্যিক বিজেপিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখ্য যে, ৰাজ্যৰ আগন্তক পঞ্চায়ত নিৰ্বাচনলৈ লক্ষ্য ৰাখি ডিব্ৰুগড়ৰ বিজেপি বিধায়ক গৰাকীক দলে পঞ্চায়ত নিৰ্বাচনৰ পৰিচালনা সমিতিৰ গুৰু দায়িত্ব প্ৰদান কৰিছিল।