বাক্সা, সংবাদ ৩৬৫, ২৬ এপ্ৰিলঃ বাক্সা জিলাৰ মুছলপুৰৰ দিহিৰাত এটা গঁড়ৰ মুক্ত বিচৰণৰ ফলত অঞ্চলবাসী আতংকিত হৈ পৰে। মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্যত সম্প্ৰতি এনডিএফবি’ৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অভিযান চলি থকা বাবে অভয়াৰণ্যখনৰ পৰা গঁড়টো ওলাই অহা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে৷ বৃহস্পতিবাৰে পুৱা গঁড়টো নিকাচিৰ অঞ্চলৰ সমীপবৰ্তী ১ নং দিহিৰা, ২ নং দিহিৰা, ৩ নং দিহিৰা, বাগানপুৰ, দক্ষিণভূটানখুটি, নিকাচিকে ধৰি বিভিন্ন অঞ্চলত মুক্ত বিচৰন কৰা পৰিলক্ষিত হয়৷ গঁড়ৰ মুক্ত বিচৰণৰ খবৰ পাই বাক্সা বন বিভাগ আৰু নিকাচি আৰক্ষীয়ে গঁড়টোক মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ বন বিভাগে হিলৈ ফুটাই গঁড়টো নিৰাপদ স্থানলৈ নিয়া চেষ্টা চলাই আছে যদিও গঁড়টোক চাবলৈ কেইবাশ লোক ওলাই অহাত বন বিভাগ অসুবিধাৰ সম্মুখীন হৈছে৷ গঁড়টোৰ মুক্ত বিচনক লৈ বন বিভাগৰ লগতে স্থানীয় ৰাইজও চিন্তিন হৈ পৰিছে।