বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ২৬ এপ্ৰিলঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত খগৰপুৰত বৃহস্পতিবাৰে পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই দুটাকৈ হস্তনিৰ্মিত বন্দুকৰ লগতে বোমা বনোৱা সামগ্ৰী জব্দ কৰে। প্ৰাপ্ত তথ্য মতে কোকৰাঝাৰ আৰক্ষী আৰু উত্তৰ শালমাৰ আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই বঙাইগাঁও জিলাৰ খগৰপুৰ ছাওপাৰাৰ অতি দুৰ্গম অঞ্চলৰ পৰা ছৎছেং চাংমাৰ পুত্ৰ সুমীল চাংমাৰ বাসগৃহৰ পৰা দুটাকৈ হস্তনিৰ্মিত বন্দুকৰ লগতে বোমা বনোৱা সামগ্ৰী জব্দ কৰে। উল্লেখ্য যে, ধৃত লোকজন কোনো উগ্ৰপন্থী সংগঠনৰ সদস্য হয় নে নহয় এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই যদিও আৰক্ষীৰ অভিযানত হস্তনিৰ্মিত বন্দুক আৰু বোমা বনোৱা সামগ্ৰী উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।