মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ২৭ এপ্ৰিলঃ দক্ষিণ কামৰূপত বিজয়নগৰ আৰক্ষীয়ে এক অভিযান চলাই কৌটি টকাৰ চোৰাং সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে গধূলি প্ৰায় ৭ বজাত এক ৫-৬ জনীয়া যুৱকৰ দল এটাই এখন চিগাৰেট ভৰ্তি ট্ৰাক ‘হাইজেক’ কৰি মিৰ্জাৰ ৩৭ নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিৰ এজন ব্যৱসায়ীৰ চৌহদত সামগ্ৰীখিনি নমাই ট্ৰাকখন বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰৰ এটা নিৰ্জন স্থানত চালকসহ এৰি পলাবলৈ চেষ্টা কৰোঁতে স্থানীয় যুৱক কেইজনমানৰ সন্দেহ হোৱাত বিজয়নগৰ আৰক্ষীক খবৰ দিয়াত বিজয়নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিত নাথৰ নেতৃত্বত আৰক্ষী দল এটাই পলাশবাৰী আৰক্ষীৰ সহযোগত মণি তালুকদাৰ নামৰ লোক এজনৰ ঘৰৰ পৰা প্ৰায় ডেৰ কৌটি টকাৰ চোৰাং চিগাৰেটৰ লগতে প্রায় ৮০ লাখ টকাৰ শিখৰ, ৰজনীগন্ধাৰ দৰে নিচাযুক্ত সামগ্ৰী উদ্ধাৰ কৰে। আৰক্ষীয়ে লোকজনৰ পৰা প্রায় ২০ লাখ টকা নগদ ধন, বহু সংখ্যক ৰূপৰ মুদ্ৰাও উদ্ধাৰ কৰে। আৰক্ষীয়ে এই সমগ্ৰ ঘটনাৰ লগত জড়িত মণি তালুকদাৰ আৰু ছয়গাঁও জাৰপৰাৰ আহিদূৰ ৰহমানক আটক কৰে।