ৰঙিয়া, সংবাদ ৩৬৫, ২৭ এপ্ৰিলঃ ৰঙিয়া চহৰৰ চেম্বাৰ অৱ কমাৰ্চৰ সম্পাদক মজিবুদ্দিন আহমেদ বৃহস্পতিবাৰে নিশা নিজৰ ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ উভতাৰ পথত তিনিখন পালচাৰ বাইকত অহা ৬ জনীয়া দুৰ্বৃত্তৰ দলে ব্যৱসায়ী জনৰ পৰা লুটি নিয়ে নগদ ধন। ব্যৱসায়ী মজিবুদ্দিন আহমেদ নিশা ঘৰলৈ আহি থাকোঁতে দুৰ্বৃত্তৰ দলটোৱে হঠাৎ ব্যৱসায়ী জনক আগ ভেটি ধৰি ব্যৱসায়ী জনৰ হাতত থকা টকাৰ বেগটো নিবলৈ চেষ্টা কৰে। ব্যৱসায়ীকজনে টকাৰ বেগটো দিবলৈ অমান্তি হোৱাত ডকাইতৰ দলটোৱে পিষ্টল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি দি টকাৰ বেগটো কাঢ়ি লৈ পলায়ন কৰে৷ ডকাইতৰ আক্ৰমণত ব্যৱসায়ী মজিবুদ্দিন আহমেদ গুৰুতৰভাৱে আহত হয় আৰু ব্যৱসায়ী জনে ৰঙিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। শেহতীয়া ভাৱে ৰঙিয়াত কেইবাটাও ডকাইতিকাণ্ড আৰু ধন লুটৰ নিচিনা ঘটনা সংঘটিত হোৱাৰ পিছতো ৰঙিয়া আৰক্ষীয়ে যথোপযুক্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপিত হোৱাৰ লগতে অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে ৰঙিয়া চহৰ।