গোৰেশ্বৰ, সংবাদ ৩৬৫, ২৮ এপ্ৰিলঃ গোৰেশ্বৰৰ ৰাজপথতত দিনে নিশাই শিল, বালি কঢ়িওৱা ডাম্পাৰ সমূহৰ দৌৰাত্মকৰ ফলত অথিষ্ঠ হৈ পৰিছে গোৰেশ্বৰবাসী। ডাম্পাৰ সমূহৰ দৌৰাত্মকৰ ফলত সঘনাই অঞ্চলটোত সংঘটিত হৈ আছে পথ দুৰ্ঘটনা। শনিবাৰে পুৱাৰ ভাগটো ডাম্পাৰৰ দৌৰাত্মকৰ ফলত সংঘটিত হয় এক দুৰ্ঘটনা। গোৰেশ্বৰৰ মাজমজিয়াত থকা চিএম এন্টাৰপ্ৰাইজ আৰু ৰয় ইলেক্ট্ৰো ফাৰ্ণিচাৰ নামৰ দোকান দুখনক শিলভৰ্তি ডাম্পাৰে মহতিয়াই নিয়াৰ ফলত বিস্তৰ ক্ষতি সাধন হয় দোকান দুখনৰ৷ এএছ-২৫-চিচি-৬২৯৩ নম্বৰৰ শিলভৰ্তী ডাম্পাৰ এখনে নিয়ন্ত্ৰণ হেৰুৱাই দোকান দুখনত খুন্দা মৰাত দোকান দুখন সম্পূৰ্ণৰূপে ভাঙি যোৱাৰ লগতে সা সামগ্ৰী ক্ষতিগ্ৰস্থ হয়৷ স্থানীয় ৰাইজে অভিযোগ কৰে যে বিভিন্ন সময়ত অবৈধভাৱে বনজসম্পদ কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্মকৰ ফলত এনে ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে। উল্লেখ্য যে, ইয়াৰ পুৰ্বেও গোৰেশ্বৰৰ বাইহাটা গুৱাহাটী সংযোগী পথত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ বহু লোক আঘাতপ্ৰাপ্ত হৈছে যদিও ডাম্পাৰ সমূহৰ দৌৰাত্মকৰ ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে।