নলবাৰী, সংবাদ ৩৬৫, ২৮ এপ্ৰিলঃ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই শনিবাৰে নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসক সাক্ষাৎ কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম কাজৰ খতিয়ান লয়।আছুৰ মুখ্য উপদেষ্টাজনৰ লগতে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি ৰমেন সিং ৰাভাৰ আৰু ৰাজ্যৰ অন্যান্য জনগোষ্ঠীয় নেতা সকলো নলবাৰী জিলাৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসক সাক্ষাৎ কৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কাম কাজৰ খতিয়ান লয়। নলবাৰী জিলা উপায়ুক্তক সাক্ষাৎ কৰাৰ পিছত এক সংবাদমেল আয়োজন কৰি আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয় যে বিজেপিয়ে অসমত হিন্দু বাংলাদেশী সংস্থাপিত কৰিলে ইয়াৰ পৰিণাম ভয়াবহ হব। ৰাজ্য আৰু কেন্দ্ৰৰ বিজেপি চৰকাৰে হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰিব বিচাৰি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি শেষ কৰিব বিচাৰিছে। সদৌ অসম ছাত্ৰ সন্থাকে ধৰি ২৮ টা জনগোষ্ঠীয় সংগঠনে কেতিয়াও বিজেপিৰ এই উদ্দেশ্য সফল হব নিদিয়ে। ছাত্ৰ নেতা গৰাকীয়ে অভিযোগ কৰে যে বিজেপিয়ে একমাত্ৰ ভোটবেংকৰ আশাত আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত ব্যাঘাত জন্মাবলৈ নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে জাতি ধংশী কামত জড়িত হৈ পৰিছে। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণৰ কামত ব্যাঘাত জন্মোৱা ৰাজনৈতিক আৰু সাম্প্ৰদায়িক শক্তি সমূহকো তেওঁ সতৰ্ক কৰি দিয়ে। সংবাদমেলত নিখিল ৰাভা ছাত্র সন্থাৰ সভাপতি ৰমেন সিং ৰাভাই কয় য়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখনক অসমীয়া জাতিৰ আয়ুস ৰেখা হিচাপে চিহ্নিত কৰা হৈছে, ইয়াক শুদ্ধ ৰূপত প্ৰকাশ কৰাত সকলোৱে সহযোগ কৰা উচিত। সংবাদ মেলত নলবাৰী জিলা ছাত্র সন্থাৰ বিষয়ববীয়া সকলো উপস্থিত থাকে।