সোণাপুৰ, সংবাদ ৩৬৫, ২ মেঃ মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰত ক্ষেত্ৰী আৰক্ষী আৰু সোণাপুৰ আৰক্ষীয়ে মহানগৰ আপকাৰী বিভাগৰ সহযোগত এক যুটীয়া অভিযান চলাই বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে। আৰক্ষী আৰু মহানগৰ আপকাৰী বিভাগে এক গোপন সুত্ৰৰ খবৰৰ ভিত্তিত সোণাপুৰ চক্ৰ বিষয়াৰ কার্যলয়ৰ সন্মুখত বালিগেটত থকা এখন গুদামৰ পৰা প্ৰায় এক লাখ টকাৰ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে গুদামখনৰ গৰাকী প্ৰণৱ দাসে গুদামত বিলাতী সুৰা জমা ৰাখি দীৰ্ঘদিন ধৰি অবৈধ ভাবে বিলাতী সুৰাৰ ৰমৰমীয়া বেহা চলাই আছিল। আৰক্ষীয়ে প্ৰণৱ দাসৰ গুদামৰ পৰা অবৈধ খুৰাখিনি জব্দ কৰি পলাতক প্ৰণৱ দাসৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।