ধুবৰী, সংবাদ ৩৬৫, ৮ মেঃ ধুবুৰী জিলাৰ আলমগঞ্জ বজাৰত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত দিনৰ প্ৰায় ১২ বজাত সংঘটিত হোৱা এই অগ্নিকাণ্ডত প্ৰায় ২০ লক্ষাধিক টকাৰ ক্ষয় ক্ষতি হোৱা বুলি জনীন পৰা গৈছে। ধুবুৰী জিলাৰ আলমগঞ্জ বজাৰৰ কাষত থকা মৰিয়ম বেগম নামৰ এগৰাকী শিক্ষয়িত্ৰীৰ বাসগৃহত মঙলবাৰে দিনৰ ১২ বজাত অগ্নিকাণ্ডৰ সুত্ৰপাত হোৱাত শিক্ষয়িত্ৰী গৰাকীৰ বাসগৃহৰ লগতে প্ৰায় ১২ খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। শিক্ষয়িত্ৰী গৰাকীৰ ঘৰত থকা চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডৰ খবৰ পাই পানবাৰীস্থ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ দল এটাই ঘটনাস্থলীত উপস্থিত হৈ পানীৰ টেংক ব্যৱহাৰৰ কৰি অগ্নি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। আনহতে অগ্নিকাণ্ড সংঘটিত হোৱাত গৌৰীপুৰ আৰক্ষী আৰু ধুবুৰী অগ্নি নিৰ্বাপক বাহিনীক স্থানীয় ৰাইজে খবৰ দিয়াৰ পিছতো পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজ ক্ষভিত হৈ পৰে।