দৰং, সংবাদ ৩৬৫, ৯ মেঃ দৰং জিলাৰ সমলাত গোৰেশ্বৰৰ সোনতৰা বিহুৱা দলটি মঙলবাৰে বিহু পৰিবেশন কৰিবলৈ যাওঁতে নিৰ্যাতনৰ বলি হব ল’গা হ’ল বিহু সমিতিৰ হাতত। জানিব পৰা মতে বিহুৱা দলটিৰ তিনি গৰাকী নাচনী প্ৰসাৱ কৰিবলৈ যাওঁতে সমিতিৰ কেইজনমান ব্যক্তিয়ে আন্ধাৰৰ সুযোগত বুজি শাৰীৰিক নিৰ্যাতনৰ চলাবলৈ চেষ্টা কৰোতে  বিহু সমিতি আৰু বিহুৱা দলটি তৰ্কযুদ্ধত লিপ্ত হোৱাত একাংশ যুৱকে বিহুৱা দলটিয়ে ব্যৱহাৰ কৰা গাড়ী ভাঙি ক্ষতি সাধন কৰে আৰু বিহুৱা দলটোৰ সদস্য সকলক প্ৰহাৰ কৰে। এই ঘটনাত সোণতৰা বিহুৱা দলটোৰ বিমল চৌধুৰী, মনোৰঞ্জন শৰণীয়া, ভূপেন ৰাজবংশী, বিনিকান্ত শৰণীয়া আৰু ৰশ্মিতা নাথ গুৰুত্বৰ ভাবে আহত হোৱাত বিহু দলটোৰ আহত সদস্য সকলক মঙলদৈ অসামৰিক হস্পাতাললৈ নি চিকিৎসা কৰে একাংশ লোকে। ঘটনাটোৰ সম্পৰ্কে মঙলদৈ আৰক্ষী থানাত বিহুৱা দলটোৰ দলপতি ৰাজু বৰুৱাই এখন এজাহাৰ দাখিল কৰে।  সমলা ঝাকৈপাৰা শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰ সমিতিৰ উদ্যোগত দেউল উৎসৱ আৰু সাংস্কৃতিক অনুষ্ঠানত আমন্ত্ৰণ ৰক্ষা কৰি বিহু নৃত্য প্ৰদৰ্শনৰ বাবে গৈছিল গোৰেশ্বৰৰ সোণতৰা বিহুৱা দলটো। অভিযোগ মতে নিশা প্ৰায় ১১.৪০ বজাত বিহুদলৰ নাচনী তিনিগৰাকী প্ৰস্ৰাৱ কৰিবলৈ যাওঁতে কেইজনমান উদণ্ড যুৱকে অশ্লীল ব্যৱহাৰ কৰি নাচনীৰ হাতত ধৰি টানি আজুৰি নিয়াৰো চেষ্টা কৰোতে নাচনী কেইজনীয়ে  চিঞৰ বাখৰ কৰাত বিহুৱা দলৰ সদস্য আগবাঢ়ি যোৱাত যুৱকৰ দলটোৰ লগতে বিহু সমিতিৰ একাংশই লোকে তেওঁলোকক ভাবুকি প্ৰদান কৰে আৰু বেয়াকৈ মাৰপিট কৰে। যুৱক কেইজনে  বিহুৱা দলটোৰ কেইবাজনো বিহুৱাৰ ডেকাৰ কাপোৰ কানীও ফালি পেলাই। ইতিমধ্যে সমলা বাসীক লজ্জানত কৰা বিহু সমিতি খনক গোৰেশ্বৰ আৰু দৰংৰ বিভিন্ন বৌদ্ধিক মহলে গৰিহণা দিছে।