কাৰ্বি আংলঙ, সংবাদ ৩৬৫, ১৮ জুনঃ সমগ্ৰ ৰাজ্যৰ লগতে দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা কাৰ্বি আংলঙ জিলাৰ ডকমকাত গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ নৃশংস হত্যাকাণ্ডৰ লগত জড়িত থকা পাঁচজনকৈ অভিযুক্তক সোমবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ৰাইকম টিমুং, বিক্ৰম হানছে, ৰবেন মেচ, মেনছিং ক্ৰ’ আৰু প্ৰতাপ ক্ৰ’ক গ্ৰেপ্তাৰ কৰিছে। হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত দেওবাৰে আৰক্ষীয়ে অকণ দৈমাৰী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে সোমবাৰে পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত বৰ্তমানলৈকে আৰক্ষীয়ে ৩৬ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে যোৱা ৮ জুনত কাৰ্বি আংলঙৰ ডকমকাত গুৱাহাটীৰ দুই যুৱক অভিজিৎ নাথ আৰু নিলোৎপল দাসক সোপাধৰাৰ সন্দেহত কিছুমান লোকে অতি নৃশংসভাৱে হত্যা কৰিছিল।