গৰৈমাৰী : বজ্ৰ পৰি ভস্মীভূত এজন লোকৰ বাসগৃহ। গৰৈমাৰীত সংঘটিত হৈছে এই কৰুণ ঘটনা। বজ্ৰ পৰি সংঘটিত হোৱা অগ্নিকাণ্ডত জাহ গৈছে কেইবা লক্ষাধিক টকাৰ সম্পত্তি। হাহাকাৰ লাগিছে দুখীয়া লোকজনৰ পৰিয়ালৰ মাজত।

অব্যাহত আছে প্ৰকৃতিৰ তাণ্ডৱলীলা। ধুমুহা, বৰষুণ, বানপানীৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে বজ্ৰ পৰাত ব্যাপক ক্ষতি সাধন হৈছে ৰাইজৰ। কিছুদিন পূৰ্বে বৰপেটা জিলাত বজ্ৰ পৰি নিহত হৈছিল এজন যুৱক।

এইবাৰ দক্ষিণ কামৰূপৰ গৰৈমাৰীত বজ্ৰ পৰি গৃহহীন হৈ পৰিছে এটি পৰিয়াল। গৰৈমাৰীৰ হাতীশলাপামৰ দৰিদ্ৰ আছাদ আলী নামৰ এজন লোকৰ বাসগৃহত বজ্ৰ পৰাত লোকজনৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। লোকজনৰ বাসগৃহৰ প্ৰায় পাঁচ লাখ টকাৰ সম্পত্তি জাহ যায়।

বজ্ৰ পৰি সংঘটিত হোৱা অগ্নিকাণ্ডৰ আছাদ আলীৰ সকলো নথি পত্ৰ জুইত জাহ যায়। জানিব পৰা মতে এই মূহুৰ্তলৈ আছাদ আলীক সহায় কৰিবলৈ জৰুৰীকালীন সেৱাত কৰ্মৰত কোনো এজন বিষয়া কৰ্মচাৰী উপস্থিত হোৱা নাই।