আজিজ আলী

মুকালমুৱা : ১,২৪,৭১,০০০ টকা ক্ষতিপূৰণ বিচাৰি আদালতত গোচৰ। ধানৰ সলনি পতান। “পৃথিৱী চীডচ ক্ৰপ চাইন্স প্ৰাইভেট লিমিটেড”ৰ বিৰুদ্ধে ১,২৪,৭১,০০০ টকা ক্ষতিপূৰণ বিচাৰি উপভোক্তাৰ আদালতত গোচৰ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত মুকালমুৱাত কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি।

ধানৰ সলনি পতান, মুকালমুৱাত কৃষকৰ মাজত হাহাকাৰ। বৰতলা কৃষি চক্ৰৰ অধীনৰ কেকান কাপলাবৰীত শ শ খেতি পথাৰত ধানৰ সলনি পতান হোৱাত কৃষক ৰাইজে মুৰে কপালে হাত দিব লগা হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, পৃথিৱী চীডছ ক্ৰপ চায়েন্স প্ৰাইভেট লিমিটেড নামৰ গুজৰাটৰ ধানৰ বীজ কোম্পানীটোৱে অসমত প্ৰতি বিঘাই ৩৫-৪০ মোন ধান উৎপাদন হ'”ব বুলি মিছা প্ৰতিশ্ৰুতি প্ৰদান কৰি বীজ বিক্ৰী কৰিছিল।

প্ৰতি বিঘাই ২ কেজি ধানৰ মূল্য হিচাপে ৮০০ টকাকৈ আদায় লয় আৰু প্ৰতিশ্ৰুতি মতে ধান নহ’লে সম্পূৰ্ণ ধন ঘুৰাই দিব বুলি কোম্পানীটোৰ এৰিয়া মেনেজাৰ মফিদুল ইছলামে প্ৰতিশ্ৰুতি দিয়ে।
ধান চপোৱাৰ সময়ত ৰহস্যজনকভাৱে ধান সলনি পতান হে পৰিলক্ষিত হয়। এই সন্দৰ্ভত কৃষক সকলে নলবাৰী জিলাৰ কৃষি বিভাগ আৰু কোম্পানীটোক অৱগত কৰে যদিও কোম্পানীটোৱে কোনো ধৰণৰ সঁহাৰি নিয়াৰ অভিযোগ তোলে কৃষক সকলে।

এতিয়া তিনি শতাধিক দুখীয়া কৃষক ৰাইজৰ হৈ ছাহাদত হুছেইনে ন্যায় বিচাৰি কোম্পানীটোৰ বিৰূদ্ধে ১ কৌটি,২৪ লাখ ৭১ হাজাৰ টকাৰ ক্ষতিপূৰণ বিচাৰি অসম ৰাজ্যিক কনজুমাৰ ফ’ৰামৰ কাষ চাপিছে। কনজুমাৰ ফ’ৰামত চি চি/০১/২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰি কৃষক ৰাইজৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা ছাহজামাল হকে।