গুৱাহাটী, ১২ মাৰ্চ, ২০২৪ : ১১ মাৰ্চ অসমীয়া জাতিৰ বাবে এটা ক’লা দিন বুলি আখ্যা আম আদমি পাৰ্টী অসমৰ সভাপতি ডা৹ ভবেন চৌধুৰীৰ। অসমীয়া ভাষা-সংস্কৃতি বিজেপিয়ে নিঃশেষ কৰিবলৈ অপচেষ্টা চলাইছে বুলি মন্তব্য আম আদমি পাৰ্টীৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাৰ। কা’ (CAA) বাতিলকৰণৰ বাবে মাত মাতি যাব আম আদমি পাৰ্টীয়ে।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৃথক পৰিস্থিতিৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ৰাজনৈতিক উদ্দেশ্যৰে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ ৰ বিধি বলবৎ কৰা বুলি অভিযোগ কৰি কেন্দ্ৰীয় চৰকাৰৰ এই কাৰ্যক দলটোৱে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। অসমৰ জনতাৰ তীব্ৰ বিৰোধিতাৰ পাছতো অসমত কা’ বলবৎ কৰাত তৎক্ষাণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰীয়ে কয় যে ১১ মাৰ্চৰ দিনটো অসমৰ বাবে এটা ক’লা দিন হিচাপে ইতিহাসত চিহ্নিত হৈ ৰ’ব।

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ দিনটো যেনেকৈ অসমীয়াৰ বাবে এটা ক’লা দিন আছিল আৰু ইয়াৰ বাবে বদন বৰফুকনক আজিও দেশদ্ৰোহী বুলি ঘৃণা কৰে, থিক একেদৰে ২০২৪ চনৰ ১১ মাৰ্চৰ দিনটো ক’লা দিন হিচাপে মনত ৰাখিব। অসম-অসমীয়াৰ জাতীয় জীৱনলৈ সংকট কঢ়িয়াই এই সাম্প্ৰদায়িক ‘কা’ অসমৰ ওপৰত জাপি দিয়াৰ বাবে ভাৰতীয় জনতা পাৰ্টীক ভৱিষ্যত প্ৰজন্মই জাতিধ্বংসী বদন হিচাপে অভিহিত কৰিব বুলিও ডা৹ ভবেন চৌধুৰীয়ে মন্তব্য কৰে।

আম আদমি পাৰ্টীৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মায়ো এই সন্দৰ্ভত টুইটাৰযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ জনতাৰ ইচ্ছাৰ বিৰুদ্ধে গৈ কা’ জাপি দিয়া কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই অঞ্চলৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভাষা-সংস্কৃতি মোদী চৰকাৰে ধ্বংস কৰিবলৈ অপচেষ্টা কৰা বুলি তেওঁ অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কয় যে এই অঞ্চলৰ থলুৱা লোকসকলকে বসবাস কৰিবলৈ মাটি-ভেটি দিব নোৱাৰা বিজেপি চৰকাৰে বাংলাদেশী আৰু পাকিস্তানীক নাগৰিকত্ব দিবলৈ ওলাইছে। লাখ লাখ নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিব নোৱাৰা বিজেপি চৰকাৰে বিদেশৰ পৰা মানুহ আনি সংস্থাপিত কৰিবলৈ বিচাৰিছে।

উল্লেখ্য যে, সোমবাৰে সন্ধিয়াৰ ভাগত কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশত প্ৰযোজ্য হোৱাকৈ কা’ অধিসূচনা জাৰি কৰে। ইয়াৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত কা’ অধিসূচনাকলৈ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়। বিশেষকৈ নিশাৰ ভাগৰ পৰাই অসমত ৰাজপথলৈ ওলাই আহে কেইবাটাও ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ লগতে বিভিন্ন দল-সংগঠনৰ সদস্য। কৃষক মুক্তি সংগ্ৰাম সমিতি, আছুকে ধৰি সকলোৱে কা’ৰ বিৰোধিতা কৰি কা’ৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।