গুৱাহাটী, ১১ মাৰ্চ, ২০২৪ : ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ আৰু ভাৰতীয় বক্সিং ফেডাৰেছনৰ (Boxing Federation of India) সহযোগত অসম বক্সিং সন্থাই আয়োজন কৰা চলিত আৰ ই চি পূব মণ্ডল ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ ছাৱ-জুনিয়ৰ আৰু জুনিয়ৰ শাখাৰ খেলৰ সফল সামৰণিৰ পাছত কাইলৈৰ পৰা পুৰুষ-মহিলাৰ যুৱ আৰু এলিট শাখাৰ খেলসমুহ আৰম্ভ হ’ব৷ ভাৰতীয় বক্সিং ফেডাৰেছনৰ সচিৱ প্ৰধান হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি যুৱ আৰু এলিট শাখাত সমগ্ৰ দেশৰে প্ৰায় এহেজাৰ পুৰুষ-মহিলা বক্সাৰে প্ৰতিদ্বন্দ্বিতা কৰিব৷

উল্লেখ্য যে যোৱা চাৰি মাৰ্চত অন্ত পৰা অনলাইন পঞ্জিয়ন অনুসৰি ইতিমধ্যে ২৮ খন ৰাজ্যৰ ৮০৭ গৰাকী বক্সাৰে প্ৰতিযোগিতাত অংশ লৈছিল যদিও শেহতীয়াকৈ যোৱা ছয়দিন বিভিন্ন ৰাজ্যৰ শতাধিক বক্সাৰে গুৱাহাটীত উপস্থিত হৈ নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিছে৷ যিহেতু প্ৰতিযোগিতাখন ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিভা সন্ধানী সেয়ে ভাৰতীয় বক্সিং ফেডাৰেছনে নতুনকৈ অহা পুৰুষ-মহিলাৰ যুৱ আৰু এলিট শাখাৰ খেলুৱৈসকলোকো অংশগ্ৰহণৰ সুযোগ দিছে বুলি কয় সচিব কলিতাই৷

‘ভাৰতীয় বক্সিং ফেডাৰেছনে দেশৰ সকলো প্ৰান্তৰ পৰা নতুন প্ৰতিভা বিচাৰি উলিওৱাৰ লক্ষ্যৰে চাৰিখন মাণ্ডলিক ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী প্ৰতিযোগিতা আয়োজন কৰিছে৷ ইতিমধ্যে দক্ষিণ, পশ্চিম আৰু উত্তৰ মণ্ডলত এই প্ৰতিযোগিতা অনুষ্ঠিত হৈ যোৱাৰ পাছত এতিয়া গুৱাহাটীত অন্তিমখন প্ৰতিযোগিতা চলি আছে৷ ছাৱ-জুনিয়ৰ, জুনিয়ৰ, যুৱ আৰু এলিট শাখাৰ প্ৰতিযোগিতাখনৰ প্ৰতিটো মণ্ডলৰ পৰা ল’ৰা-ছোৱালীৰ প্ৰতিটো ওজন শাখাৰে শীৰ্ষ আঠজনে ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত হ’ব৷

আনহাতে, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ প্ৰতিটো ওজন শাখাৰ পদক বিজয়ী বক্সাৰক ফেডাৰেছনে ৰাষ্ট্ৰীয় শিবিৰলৈ নিৰ্বাচিত কৰি আধুনিক প্ৰশিক্ষন দিয়াৰ ব্যৱস্থা কৰিব৷ চলিত গুৱাহাটীৰ প্ৰতিযোগিতা অন্তিম সুযোগ হোৱা বাবে দেশৰ সকলো প্ৰান্তৰ পৰাই খেলুৱৈ আহিছে আৰু এয়া প্ৰতিযোগীৰ অংশগ্ৰহণৰ এক নতুন অভিলেখ৷’ কলিতাই কয়৷

উল্লেখ্য যে কাইলৈ পৰা গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণ ৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা প্ৰতিযোগিতাখনত পুৰুষৰ যুৱ শাখাত ১৬৬ আৰু এলিট শাখাত ৪৩১ জনে তথা মহিলাৰ যুৱ শাখাত ৫০ আৰু এলিট শাখাত ১৬০ গৰাকীয়ে অনলাইনত নাম পঞ্জিয়ন কৰিছে৷ অসমৰ লগতে অন্ধ্ৰ প্ৰদেশ, অৰুনাচল প্ৰদেশ, বিহাৰ, পাঞ্জাৱ, চণ্ডিগড়, চত্তিছগড়, দিল্লী, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, মনিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগনা, ত্ৰিপুৰা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড আৰু বংগৰ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ লৈছে৷ উল্লেখ্য যে প্ৰতিযোগিতাৰ প্ৰতিটো ওজন শাখাৰ পদক বিজয়ী চাৰি বক্সাৰক প্ৰাইজমানি দিয়া হ’ব৷