পপুলাৰ ফ্ৰন্টৰ কণ্ঠৰোধ কৰাৰ পদক্ষেপৰ বিৰুদ্ধে প্ৰচাৰাভিযান ঘোষণা

গুৱাহাটী, ২৫ ছেপ্টেম্বৰঃ পপুলাৰ ফ্ৰন্টৰ অসম ৰাজ্যিক সমিতিয়ে আমাৰো কিছু ক’বলৈ আছে শীর্ষক ৰাষ্ট্ৰীয় প্রচাৰাভিযানৰ অংশ হিচাপে ২৯ অক্টোবৰত গুৱাহাটীত এক বিশাল গণসভাৰ আয়োজনৰ সিদ্ধান্ত লৈছে। ক্ষমতাৰ অপব্যৱহাৰ কৰি জনবিৰোধী আৰু সংখ্যালঘু বিৰোধী সোপাহীসকলে সংগঠনটোৰ সামাজিক কাৰ্যকলাপ স্তব্ধ কৰি দিয়াৰ যি পদক্ষেপ সেয়াই এই গণসভাত প্ৰাসংগিক বিষয়৷ দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত পপুলাৰ ফ্ৰন্টৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি আমিনুল হকে এই তথ্য সদৰি কৰে৷ হকে সংবাদ মেলত কয় যে, সম্প্রতি একাংশ প্ৰচাৰ মাধ্যমে এনআইএৰ প্ৰতিবেদনৰ উদ্ধৃতি দি সংগঠনটোৰ বিৰুদ্ধে কিছু অভিযোগেৰে দাগ লগাবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে। তাৰে ভিতৰত এটা হৈছে প্ৰায় ৭ বছৰ পূৰ্বে কেৰেলাত এজন অধ্যাপক ওপৰত স্থানীয় আক্রমণ, যিজনে চৰম অশ্লীল ভাষাৰে হজৰত মহম্মদক (ছঃ) অপদস্ত কৰিছিল। পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়াই তেতিয়াই সংবাদমেলৰ জড়িয়তে স্পষ্ট কৰিছিল যে সংগঠনটো এই ঘটনাৰ লগত জড়িত নহয়। আন এটা ঘটনাত সংগঠনে প্ৰতি বছৰে আয়োজন কৰা সুস্থ নাগৰিক, সুস্থ দেশ শীৰ্ষক প্ৰচাৰাভিযানত অংশ লোৱা সদস্যসকলক ইউএপিএ ধাৰাৰ অধীনত মিছাতে জড়িত কৰা হৈছিল। কেৰেলা উচ্চ ন্যায়ালয়ে উক্ত ঘটনাত ইউএপিএ আইনৰ ব্যৱহাৰ প্ৰত্যাহাৰ কৰিছিল আৰু এই সিদ্ধান্ত ওপৰত এনআইএয়ে কৰা আপীল উচ্চতম ন্যায়ালয়ে অগ্ৰাহ্য কৰিছিল৷ সংগঠনৰ ওপৰত থকা আন এটা অভিযোগ হৈছে যে, সংগঠনটোৱে সদস্যসকলক আইছিছত ভর্তি কৰোৱায়। প্ৰচাৰ মাধ্যমৰ প্ৰতিবেদনৰ মতে, প্ৰায় ১৮ কোটি শক্তিশালী ভাৰতীয় মুছলমানৰ মাত্ৰ ৬০ জনহে ছিৰিয়া বা আফগানিস্থানলৈ গুচি যোৱা বুলি বিশ্বাস কৰা হয়। প্ৰকৃততে এয়া ভাৰতীয় মুছলমানক বদনাম কৰাৰ অপচেষ্টাহে। প্রকৃত সত্যটো হৈছে পপুলাৰ ফ্রন্ট অফ ইণ্ডিয়াই বহু আগৰ পৰাই ইয়াৰ সদস্য আৰু জনগণক সতর্ক কৰি আহিছে৷ পপুলাৰ ফ্রন্ট সদায়ে যিকোনো ধৰণৰ সন্ত্রাসবাদৰ বিৰোধীতা কৰি আহিছে। আমিনুল হকে লগতে কয় যে, পপুলাৰ ফ্রন্ট এনে এটা সংগঠন যাৰ হাজাৰ হাজাৰ সদস্য আৰু লাখ লাখ সমর্থক দেশৰ বিভিন্ন প্রান্তত বিদ্ধমান। শৈক্ষিক উন্নয়ন আৰু দাৰিদ্রতা দূৰীকৰণৰ লক্ষ্যৰে গ্ৰহণ কৰা বিভিন্ন কাৰ্য্যসূচীৰ সফল ৰূপায়নৰ বাবে ফ্রন্টে ভূয়সী প্রশংসা লাভ কৰিছে। বৰ্তমান সাম্প্রদায়িক ফেচীবাদী শক্তি দেশৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আৰু ইয়াৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ বাবেই সংগঠনটোক বিভিন্ন ধৰণে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে। সংগঠনৰ বিৰুদ্ধে লোৱা অভিসন্ধিসমূহক আমি গণতান্ত্ৰিক আৰু আইনগতভাৱে প্ৰতিৰোধ কৰি আহিছো। এই বিষয়সমূহৰ ওপৰত ফ্রন্টৰ অসম ৰাজ্যিক সমিতিয়ে কৰ্ণাৰ মিটিং, বাটৰ নাট, পোষ্টাৰিং, গোঁহাৰি বিতৰণ কাৰ্যসূচীৰ জড়িয়তে জনগণলৈ সংগঠনটোৰ ভাৱমূৰ্তিৰ সঠিক বার্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যৰে ২৯ অক্টোবৰত গুৱাহাটীত এক বিশাল গণসমাৱেশৰ আয়োজন কৰা হৈছে।