গুৱাহাটী, ২৫ ছেপ্টেম্বৰঃ আহমেদীয়া মুছলিম যুৱ সংগঠনৰ উদ্যোগত গুৱাহাটীৰ সাতগাঁৱৰ তলাতলবস্তিৰ মজদিছৰ প্ৰাঙ্গনত চতুৰ্থ বাৰ্ষিক ইজতেমা অনুষ্ঠিত হয়৷ কামৰূপ জিলাৰ মোৱাল্লিগ ইনৰ্ছাজ জোনাব জহুৰুল হকৰ সভাপতিত্বত কোৰাণ তিলাৱতৰ জড়িয়তে সভাৰ কাৰ্যসূচী আৰম্ভ কৰা হয়৷ আহমেদীয়া মুছলিম যুৱ সংগঠনৰ সভাপতি চিকন্দৰ আলীয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বৰ্তমান যুৱ প্ৰজন্মই বিভিন্ন নিছা আৰু অনৈতিক কাৰ্যত লিপ্ত হৈ নিজৰ লগতে সমাজখনৰ ৰাজহাড়ত কূটাঘাট কৰাৰ মন্তব্য কৰি দুখ প্ৰকাশ কৰে৷ সভাত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি মোৱাল্লিগ ইনৰ্ছাজ জোনাব আমান আলীয়ে বৰ্তমান সমাজত যুৱ শক্তিৰ ভূমিকাৰ কথা উল্লেখ কৰি দেশৰ শান্তি, সম্প্ৰীতি আৰু যুৱ শক্তিক কেনেদৰে সুস্থ কৰি ৰাখিব লাগে, তাৰ ওপৰত বক্তব্য দাঙি ধৰে৷ আহমেদীয়া মুছলিম যুৱ সংগঠনৰ উদ্যোগত আয়োজিত চতুৰ্থ বাৰ্ষিক ইজতেমাত ধৰ্মীয় প্ৰতিযোগিতাৰ লগতে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ সভাত নলবাৰী, কামৰূপ, দৰঙৰ লগতে বিভিন্ন জিলাৰ কেবাশতাধিক লোকে অংশগ্ৰহণ কৰে৷