গুৱাহাটী : কেন্দ্ৰীয় কাৰাগাৰৰ আলহী হ’ল ৰাজকন্যা বৰুৱা। ১৪ দিনৰ বাবে ন্যায়িক জিন্মালৈ প্ৰেৰণ ৰাজকন্যা বৰুৱাক। কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে ৰাজকন্যা বৰুৱাৰ জামিন আবেদন নাকচ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে। সাধাৰণ কয়দীৰ দৰে কাৰাগাৰত থাকিব লাগিব ৰাজকন্যা বৰুৱা।

শুকুৰবাৰে পুনৰ ৰাজকন্যা বৰুৱাক হাজিৰ কৰা হয় কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। দিছপুৰ আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰি ৰাজকন্যা বৰুৱাক কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰে। বৃহস্পতিবাৰে আদালতে এদিনৰ বাবে ৰাজকন্যা বৰুৱাক দিছপুৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল।

শুকুৰবাৰে ৰাজকন্যা বৰুৱাক পুনৰ কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰি আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক নিজৰ জিম্মালৈ নিবিচাৰাত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে ৰাজকন্যা বৰুৱাক। আদালতে ৰাজকন্যা বৰুৱাক সাধাৰণ কয়দীৰ দৰে ৰখাৰ লগতে ভি আই পি আতিথ্য নিদিয়াৰ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে নিশা সুৰামত্ত অৱস্থাত ৰুক্মিণীগাঁৱত ৯ জনকৈ লোকক মহতিয়াই নিছিল ৰাজকন্যা বৰুৱা। ইয়াৰ পিছতে ২৪ ঘণ্টাৰ ভিতৰত জামিন লাভ কৰি জি এন আৰ চি হাস্পতালৰ ছেমি আই চি ইউত ভৰ্তি হৈ আছিল ৰাজকন্যা বৰুৱা। কিন্ত মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশত মেডিকেল বৰ্ডে ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰাৰ পিছত পুনৰ দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাজকন্যা বৰুৱাক।