নিউজ ডেস্ক, ৪ এপ্ৰিল, ২০২৪ : বিজেপিৰ কৰ্মীৰ প্ৰতি পুতৌ প্ৰকাশ সদ্যকাৰামুক্ত আপৰ নেতা সঞ্জয় সিঙৰ (Sanjay Singh)। সাৰদা-লুইজ বাৰ্জাৰ কেলেংকাৰীৰ বিৰুদ্ধে বিজেপি কৰ্মীয়ে আন্দোলন কৰি থাকোতেই মোদীয়ে আঁকোৱালি ল’লে হিমন্ত বিশ্ব শৰ্মাক বুলি মন্তব্য সঞ্জয় সিঙৰ। বিৰোধী নেতাক বিনা দোষত জে’ল পঠিওৱাৰ প্ৰত্যুত্তৰ ভোটেৰে দিবলৈ ৰাইজক আহ্বান সঞ্জয় সিঙৰ।

তথাকথিত সুৰা কেলেংকাৰীত জড়িত থকাৰ কোনো তথ্য-প্ৰমাণ ইডিয়ে দিব নোৱাৰাত উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰা আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কাৰাগাৰৰ পৰা ওলায়েই আক্ৰমণাত্মক হৈ পৰা দেখা যায়। বুধবাৰে নিশা জনতাক সম্বোধন কৰি সঞ্জয় সিঙে বিজেপি কৰ্মীসকললৈ পুতৌ উপজে বুলি মন্তব্য কৰে। বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তথা তেতিয়াৰ কংগ্ৰেছৰ দুৰ্নীতিগ্ৰস্ত নেতা হিমন্ত বিশ্ব শৰ্মাৰ সাৰদা কেলেংকাৰী, লুই বাৰ্জাৰ কেলেংকাৰীৰ বিশদ বিৱৰণেৰে পুস্তিকা উলিয়াই বিজেপিয়ে ৰাইজৰ মাজত বিতৰণ কৰিছিল আৰু হিমন্ত বিশ্বৰ বিৰুদ্ধে আন্দোলন কৰি বিজেপিৰ কৰ্মীসকলে আৰক্ষীৰ লাঠীৰ কোব খোৱাৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হিমন্ত বিশ্ব শৰ্মাক আঁকোৱালি ল’লে বুলি কয় সঞ্জয় সিঙে।

আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে কয় যে একেই ঘটনা ঘটিল ৭০ হাজাৰ কোটি টকাৰ কেলেংকাৰী কৰা বুলি খুদ প্ৰধানমন্ত্ৰীয়ে জনসভাত ভাষণ দিয়া অজিত পাৱাৰৰ ক্ষেত্ৰত। আদৰ্শ হাউছিং কেলেংকাৰীত অভিযুক্ত অশোক চৌহান, পশ্চিমবংগৰ মুকুল ৰায়, সুভেন্দু অধিকাৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিৰ কৰ্মীসকলে আন্দোলন কৰি থাকোতেই তেওঁলোকক মোদীয়ে দললৈ ৰঙা দলিচা পাৰি আদৰি আনিলে। প্ৰধানমন্ত্ৰী মোদীৰ শ্ল’গান দেশৰ পূব পশ্চিম উত্তৰ দক্ষিণ য’তেই ভ্ৰষ্টাচাৰী আছে, কাকো ৰেহাই নিদিয়াৰ সন্দৰ্ভত সঞ্জয় সিঙে বক্ৰোক্তি কৰি কয়, দেশৰ পূব পশ্চিম উত্তৰ দক্ষিণ য’তেই ভ্ৰষ্টাচাৰী আছে, কাকো ৰেহাই নিদিওঁ, এজন এজন ভ্ৰষ্টাচাৰীক বিজেপিত চামিল কৰিম। এয়া হৈছে কাৰ্যতঃ ভ্ৰষ্টাচাৰবিৰোধী নীতি।

অৰবিন্দ কেজৰিৱালে পদত্যাগ কৰিব লাগে বুলি বিজেপিয়ে কৰা দাবীৰ প্ৰত্যুত্তৰত সঞ্জয় সিঙে কয় যে বিজেপিয়ে কেজৰিৱালৰ পদত্যাগ বিচৰা নাই, তেওঁলোকে বিচাৰিছে দিল্লীৰ দুই কোটি জনতাই পাই থকা বিনামূলীয়া স্বাস্থ্যসেৱা, বিনামূলীয়া শিক্ষা, মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা, বয়সস্থসকলৰ বিনামূলীয়া তীৰ্থ যাত্ৰা কিয় বন্ধ কৰা নাই। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে যদি বিজেপিৰ চক্ৰান্তত পৰি পদত্যাগ কৰে তেন্তে বিৰোধী দলৰ প্ৰতিজন মুখ্যমন্ত্ৰীকে পদত্যাগ কৰিবলৈ বিজেপিয়ে বাধ্য কৰাব। সেই পৰিকল্পনাতে কেৰালাৰ মুখ্যমন্ত্ৰীৰ জীয়ৰী, পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ ভতিজাকৰ বিৰুদ্ধে মোদী বাহিনীয়ে তদন্ত আৰম্ভ কৰিছেই।

ওচামা বিন লাডেনে শান্তিৰ কথা পতা আৰু বিজেপিয়ে দুৰ্নীতিৰ বিৰুদ্ধে কথা কোৱা একেই বুলি তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সঞ্জয় সিঙে। বিৰোধী নেতাক আক্ৰোশমূলকভাৱে মোদী চৰকাৰে জে’ললৈ নিক্ষেপ কৰা কাৰ্যৰ প্ৰতিবাদত চলিত লোকসভা নিৰ্বাচনত সকলোকে ভোটৰ জৰিয়তে প্ৰত্যুত্তৰ দিবলৈ আম আদমি পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে আহ্বান জনায়।