শিলচৰ, ৫ এপ্ৰিল, ২০২৪ : ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এছ টি এফ বাহিনীৰ অভিযানত ২১০ কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ (Drugs Seized)। আটক এজন ড্ৰাগছ সৰবৰাহকাৰী। এখন বাহনত অতি কৌশলেৰে লুকুৱাই আনিছিল বুজন পৰিমাণৰ হে’ৰইন। ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন মিজোৰামৰ বাসিন্দা। এছ টি এফ বাহিনীয়ে এসপ্তাহ ধৰি অভিযান চলাই এই সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। এখন বাহনৰ পৰা জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ২১০ কোটিতকৈও অধিক বুলি জানিব পৰা গৈছে। জব্দকৃত ড্ৰাগছখিনি হৈছে উচ্চ মানদণ্ডৰ হে’ৰইন। প্ৰায় ২১ কিলোগ্ৰাম ওজনৰ এই বুজন পৰিমাণৰ উচ্চ মানদণ্ডৰ হে’ৰইনখিনিৰ লগত আটক হোৱা ড্ৰাগছ সৰবৰাহকাৰীজনক অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।

কাছাৰত এখন বিলাসী বাহনৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। বাহনখনৰ পৰা আৰক্ষীয়ে ২১ কিলোগ্ৰাম হে’ৰইন জব্দ কৰিছে। ইয়াৰে ১৮ কিলোগ্ৰাম হে’ৰইন অতি উচ্চ মানদণ্ডৰ বুলি এছ টি এফ বাহিনীয়ে জানিবলৈ দিয়ে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এছ টি এফ বাহিনী আৰু কাছাৰ আৰক্ষীৰ এটা দলে শিলচৰ-আইজল ৰোডৰ শিলডুবিত বৃহস্পতিবাৰে নিশাৰ ভাগত এখন বিলাসী বাহনত তালাচী চলাই এই বুজন পৰিমাণৰ হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয়।

জব্দকৃত এই বুজন পৰিমাণৰ হে’ৰইনখিনিৰ বজাৰ মূল্য ২১০ কোটি টকাতকৈও অধিক হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। উল্লেখ্য যে, এছ টি এফ বাহিনীয়ে লাভ কৰা এক গোপন খবৰৰ ভিত্তিত বিগত এসপ্তাহ ধৰি এই ড্ৰাগছ সৰবৰাহৰ বিৰোধী অভিযান চলাই অৱশেষত বৃহস্পতিবাৰে নিশাৰ ভাগত সাফল্য লাভ কৰে। বিগত ৯ জানুৱাৰী তাৰিখেও এছ টি এফ বাহিনীৰ এক অভিযানকালত কৰিমগঞ্জৰ নীলম বজাৰ অঞ্চলৰ পৰা ১০০ কোটিতকৈও অধিক মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছিল। এই অভিযানকালত চাৰিজন ড্ৰাগছ সৰবৰাহকাৰী জালত পৰিছিল।