নলবাৰী, ১৯ চেপ্তেম্বৰঃ অসমত দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপন আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত নলবাৰী জিলা ছাত্ৰ সন্থাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে৷ নলবাৰী জিলা ছাত্ৰ সন্থাই জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত গণ বিক্ষোভ কাৰ্য্যসূচী ৰূপায়ন কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰীসকলে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকো কঠোৰ ভাষাৰে সমালোচনা কৰে৷ নলবাৰী জিলা ছাত্ৰ সন্থাই প্ৰতিবাদস্থলীৰ পৰা জিলা অতিৰিক্ত উপায়ুক্তৰ জড়িয়তে মুখ্যমন্ত্ৰীলৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে ছেবাৰ সংস্কাৰ দাবী জনায়৷